অজন্তা বাজেটত কি কি আছে, পঢ়ি লওঁক

A

নিউজ ডেস্ক:
 হিমন্ত চৰকাৰৰ প্ৰথমখন পুৰ্ণাংগ বাজেট দাখিল। অসম বিধানসভাত ২০২২-২৩ বৰ্ষৰ বিত্তীয় বৰ্ষ বাজেট দাখিল কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে।বাজেটত শিক্ষা খণ্ডলৈ আছে বহুকেইটা ভাল খবৰ।সেই মৰ্মে- বিহালী অভিযান্ত্ৰিক কলেজলৈ ৫৪.৭১কোটি টকা শুৱালকুছি অভিযান্ত্ৰিক কলেজলৈ ৫৪.৭১কোটি টকা, বঙাইগাঁও অভিযান্ত্ৰিক কলেজলৈ ৫৪.৭১ কোটি টকা ধাৰ্য।
ইয়াৰে উপৰিও ২০৯ খন উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ ৩কোটিকৈ ধাৰ্য।৯ খন আদৰ্শ মহাবিদ্যালয়লৈ ২০৭.০৫ কোটি টকা ধাৰ্য।৯খন আদৰ্শ মহাবিদ্যালয় হৈছে কাছাৰৰ সোণাই, বৰপেটাৰ চেঙা, নগাঁৱৰ বটদ্ৰৱা, দৰঙৰ মঙলদৈ, ধুবুৰী গোলকগঞ্জ, গোৱালপাৰা জলেশ্বৰ, ধুবুৰী বিলাসীপাৰা, হাইলকান্দি আৰু কৰিমগঞ্জ মহাবিদ্যালয়।
অসমৰ একমাত্ৰ মহিলা বিশ্ববিদ্যালয় যোৰহাট মহিলা বিশ্ববিদ্যালয়লৈ ২৫কোটি টকা ধাৰ্য বাজেটত।ইয়াৰ সমান্তৰালকৈ ৬খন বিশ্ববিদ্যালয়লৈ ৩০০কোটি টকাৰ সাহায্য ধাৰ্য।বিশ্ববিদ্যালয় কেইখন-মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়, ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয়, মাধৱদেৱ বিশ্ববিদ্যালয়, বীৰাংগনা সতী সাধনী বিশ্ববিদ্যালয় আৰু অনিৰুদ্ধ ক্ৰীড়া বিশ্ববিদ্যালয় ।
উচ্চ শিক্ষা প্ৰতিষ্ঠান ৯খন মহিলা কলেজলৈ ২২৫ কোটি টকা আৰ্থিক সাহাৰ্য।
স্বাস্থ্যখণ্ডতো অজন্তা বাজেটত আছে বহুকেইটা ভাল খবৰ।সেই মৰ্মে বিশ্বনাথ চিকিৎসা মহাবিদ্যালয়লৈ ৫৬৪.৪৩কোটি টকা, চৰাইদেউ চিকিৎসা মহাবিদ্যালয়ৰ বাবে ৫৫৭কোটি টকা।
ইয়াৰ উপৰিও ৫খন নতুন চিকিৎসা মহাবিদ্যালয়লৈ চৰকাৰে আগবঢ়াব ৫০০ কোটিকৈ পুঁজি।সেই কেইখন ধেমাজি চিকিৎসা মহাবিদ্যালয়, গোলাঘাট চিকিৎসা মহাবিদ্যালয়, বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়, তামুলপুৰ চিকিৎসা মহাবিদ্যালয় আৰু মৰিগাঁও চিকিৎসা মহাবিদ্যালয়।
ৰাজ্য ১২৫টাকৈ বুনিয়াদী স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ প্ৰস্তাৱ।প্ৰতিটো কেন্দ্ৰত ১.৬০কোটি টকাকৈ মুঠ ২০০ কোটি টকা ব্যয় কৰিব চৰকাৰে।

ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়নতো গুৰুত্ব দিছে বাজেটে।৪০টাকৈ ক্ৰীড়া প্ৰকল্পত ১২ কোটিকৈ মুঠ ৪৮০কোটি টকা ব্যয় কৰিব চৰকাৰে।গুৱাহাটী চন্দ্ৰপুৰত ১২০কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’ব ষ্টেডিয়াম।
একেদৰে ১০খন জিলাত ষ্টেডিয়াম নিৰ্মাণ কৰিব ৰাজ্য চৰকাৰে।প্ৰতি ষ্টেডিয়ামত ব্যয় কৰিব ৫০কোটি টকা।
গুৱাহাটী আজাৰাত ৫০কোটি টকা ব্যয়েৰে কৃষি সামগ্ৰী ৰপ্তানিৰ বাবে শীতলীকৰণ ভঁড়াল স্থাপনৰ প্ৰস্তাৱ।
আঞ্চলিক দুগ্ধ সংসাধন গোটলৈ ১২কোটি টকা ধাৰ্য।
বাজেটত জোঙালবলহু ক্ষেত্ৰ নিৰ্মাণৰ বাবে ৫০ কোটি টকা ধাৰ্য।কাৰ্বি আংলং আৰু শিলচৰত বিমানবন্দৰ নিৰ্মাণৰ প্ৰস্তাৱ।
ৰাজ্যৰ ১০জিলাত নিৰ্মাণ হ’ব সংহত উপায়ুক্ত কাৰ্যালয়। য’ত উপায়ুক্ত কাৰ্যালয় সৈতে থাকিব সকলো কাৰ্যালয়। যাৰ বাবদ চৰকাৰে ব্যয় কৰিব মুঠ ৫০০কোটি টকা।
ৰাজ্যত স্থাপন হ’ব ২ হাজাৰ আদৰ্শ অংগনবাড়ী কেন্দ্ৰ। প্ৰতিটো কেন্দ্ৰত ২৫লাখ টকা খৰচ কৰিব চৰকাৰে।ইয়াৰ বাবে ৫০০কোটি টকা ব্যয় কৰিব সমাজকল্যান বিভাগে।
ৰাজ্যত ২০কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব নতুন ৰেচম কলেজ।
ঘূণাসুঁতিত ৩০৪কোটি টকা ব্যয়ৰে নিৰ্মাণ হব উন্নত মান দলং।পাগলাদিয়াৰ ওপৰত ২০০কোটি ব্যয়ৰে নিৰ্মাণ হ’ব দলং।তেজপুৰ মিছন চাৰিআলিত উৰণীয়া হেতু নিৰ্মাণৰ বাবে ১০০কোটি টকা ধাৰ্য।
২২-২৩ বিত্তীয় বৰ্ষত চাহ বাগিচাৰ ২.৯ লাখ পৰিয়াললৈ পানী যোগানৰ লক্ষ্য।৮০০খন চাহবাগিচা প্ৰধান অঞ্চলত ‘মহাপ্ৰভু জগন্নাথ সমূহীয়া আৰু দক্ষতা কেন্দ্ৰ’ ভৱন নিৰ্মাণৰ বাবে ২০০কোটি ধাৰ্য।
ৰাজ্য টাই আহোম, মৰাণ, মটক, চুতিয়া আৰু কোচ ৰাজবংশী সৰ্বাংগীণ উন্নয়নৰ বাবে ২৫কোটিকৈ টকা ধাৰ্য।
কামৰূপ জিলা বকোত বৃদ্ধাবাস নিৰ্মাণৰ বাবে বাজেটত ১০০কোটি টকা ধাৰ্য।
গুৱাহাটীবাসীক বিশুদ্ধ খোৱাপানী যোগানৰ বাবে ১৪২৭কোট টকা ধাৰ্য।আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ বাবে বাজেটত ৭৭০কোটি টকা ধাৰ্য।
গুৱাহাটী -উত্তৰ গুৱাহাটী মাজত দলঙৰ বাবে ২৬০৮.৬৯ কোটি টকা ধাৰ্য।
ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব আন এখন দলং।কামৰূপ জিলা পলাশবাৰী আৰু শুৱালকুছিৰ মাজত দলংখন নিৰ্মাণৰ বাবে ৩০৯৪ কোটি টকা ধাৰ্য।
বাজেটে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীলৈ আনিছে ভাল খবৰ।অৰুণোদয় আঁচনিৰ ধনৰ পৰিমাণ ১২৫০ টকালৈ বৃদ্ধি।বিটিআৰত মুঠ ৬লাখ হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনি।

Your Comments