১লাখ পদৰ কিমান নিযুক্তি হ'ল; বাজেট ভাষণত বিত্তমন্ত্ৰীয়ে দিলে তথ্য, পঢ়ক

A

নিউজ ডেস্ক:

বুধবাৰে ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা হিমন্ত চৰকাৰৰ প্ৰথমখন পূৰ্ণাংগ বাজেটত স্থান পালে ১লাখ নিযুক্তি প্ৰসংগই।১ লাখ নিযুক্তিৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতি বদ্ধ।নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে সেই অনুসৰি ১১৫৭টা পদত নিযুক্তি সম্পন্ন হৈছে।৮৪,২৪৪টা পদৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে।আনহাতে ১৪,৫৯৯টা পদত শীঘ্ৰে নিযুক্তি প্ৰদান কৰা হ’ব বুলিও মন্ত্ৰী নেওগে কয়।
বাজেট ভাষণত বিত্তমন্ত্ৰী গৰাকীয়ে অৱগত কৰা মতে নিযুক্তি প্ৰক্ৰিয়া দ্ৰুত কৰি তুলিবলৈ Assam Direct Recruitment for Analogous post in class-III and class-IV-2021, আইন প্ৰণয়ন কৰা হৈছে।নিযুক্তিৰ প্ৰক্রিয়া নিকা আৰু স্বচ্ছভাৱে সম্পন্ন কৰাৰ বাবে দুখন নিযুক্তি কমিটি গঠন কৰা হৈছে।অহা ৩১মার্চৰ পূৰ্বেই এই পদসমূহ পূৰণৰ বাবে আয়োগে বিজ্ঞাপন প্ৰকাশ কৰিবলৈ সক্ষম হ’ব- তেওঁ লগতে কয়।

Your Comments