
নিউজ ডেস্ক:
হিমন্ত চৰকাৰৰ প্রথমখন পূৰ্ণাংগ বাজেট দাখিল কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে।২০২২-২৩বিত্তীয় বৰ্ষৰ বাবে ঘোষণা কৰা বাজেটত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ্থীৰ বাবে আছে ভাল খবৰ।এইবাৰ উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ পৰীক্ষাৰ্থীয়ে লাভ কৰিব স্কুটি।
আনহাতে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে পূৰ্বৰ দৰেই লাভ কৰিব আনন্দৰাম বৰুৱা বঁটা।
ইফালে স্নাতক ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথি আৰু পাঠ্যপুথি ক্ৰয়ৰ বাবদ সাহায্য প্ৰদান কৰা হ’ব।
স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীলৈ বিশেষ যাতায়তৰ বানাচ।প্ৰতি বছৰে ১০হাজাৰ টকাকৈ যাতায়তী বানাচ ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব।
স্নাতক, চিকিৎসা আৰু পলিটেকনিক মহাবিদ্যালয় স্নাতক-স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীক প্ৰতিমাহে হোষ্টেলৰ মাচুল ২০০০টকা লৈকে ৰেহাই।প্ৰজ্ঞা ভাৰতী আঁচনিৰ অধীনত লাভ কৰিব এই সুবিধা।
- Log in to post comments
- 22 views