
নিউজ ডেস্ক:
'আৰক্ষীয়ে বিচাৰি আছিল।সি কালি বেলেগৰ ফোনৰ পৰা ফোন কৰি কৈছিল 'মা মোক য'ত আছ তালে লৈ যা।আত্মসমৰ্পণ কৰাই দে।বাপেকে মইয়ে বুজাই তাক দামপুৰৰ পাহাৰৰ পৰা আনিছোঁ।জালুকবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক ফোন কৰিছো।আৰক্ষীৰ আগত সি নিজেই আত্মসমৰ্পন কৰিছে'-আৰক্ষীৰ গুলীত নিহত কিশোৰী ধর্ষণত অভিযুক্ত বিকি আলিৰ মাতৃয়ে সন্তানৰ মৃত্যুৰ পাছত এইদৰে কয়।তাক চাবলৈ গৈয়ো আমি চাব নাপালোঁ।আমিনগাঁৱৰ পৰা তাক আৰক্ষীয়ে আমাক নেদেখা কৰি লৈ আহিলে- সন্তানৰ মৃত্যুত শোকাকুল মাতৃয়ে এইদৰে কয়।উল্লেখ্য যে এগৰাকী ১৬বছৰীয়া কিশোৰীক চাৰি বন্ধুৰে মিলি দলবদ্ধ ধর্ষণ কৰিছিল বিকিয়ে।যোৱা ১৯ফেব্ৰুৱাৰীত আদাবাৰীস্থিত ব্ৰহ্মপুত্ৰ গেষ্ট হাউচৰ ১০৫নম্বৰ ৰুমত দলবদ্ধ ধর্ষণ কৰা বুলি কিশোৰী পৰিয়ালে এজাহাৰ দাখিল কৰিছিল যোৱা ৮মার্চত।পানবজাৰ মহিলা থানাত ১৯/২২নম্বৰত ৰুজু হোৱাৰ গোচৰৰ ভিত্তিত মঙলবাৰে আত্মসমৰ্পণ কৰা বিকিক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।আৰক্ষীৰ জিম্মাৰ পৰা পিষ্টল কাঢ়ি পলাবলৈ চেষ্টা কৰাত আৰক্ষীৰ গুলীত নিহত হয় ধৃত বিকি।
- Log in to post comments
- 104 views