এনকাউণ্টাৰত নিহত ধৰ্ষণত অভিযুক্ত বিকিৰ ৪টা স্থানত লাগিছিল গুলী

A


নিউজ ডেস্ক: 

গুৱাহাটীৰ গাড়ীগাঁৱৰ দলবদ্ধ ধর্ষণৰ মূল অভিযুক্ত বিকি আলিৰ ৪টাকৈ স্থানত আঘাতৰ চিন আছিল।গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ অনা সময়ত অভিযুক্ত গৰাকী জীৱিত নাছিল।চিকিৎসালয় পোৱাৰ পূৰ্বে মৃত্যু হৈছিল।এই মন্তৱ্য জিএমচিএইচৰ অধীক্ষক অভিজিৎ শৰ্মাৰ।বুকুৰ সোঁ-ফালে এটা আঘাত আৰু পিঠিৰ ফালে তিনিটাকৈ আঘাট(ফুটা) থকা বুলি অধীক্ষক শৰ্মাই জানিবলৈ দিয়ে।
উল্লেখ্য যে মঙলাবাৰে নিশা প্ৰায় ১বজাত গুলীবিদ্ধ বিকি আলিক জিএমচিএইচলৈ অনা বুলি শৰ্মাই কয়।
আনহাতে মঙলবাৰে নিশা গড়চুকৰ গড়ভঙালৈ বিকিক সমগ্ৰ ধর্ষণৰ ঘটনাৰ তদন্তৰ  উদ্দেশ্যে লৈ যোৱা অৱস্থাত পানবজাৰ মহিলা আৰক্ষী থানাৰ  ভাৰপ্ৰাপ্ত আৰক্ষী টুইংকল গোস্বামীৰ পিষ্টল কাঢ়ি পলাবলৈ চেষ্টা কৰিছিল।তেনেতে আৰক্ষীয়ে গুলিবিদ্ধ কৰে ধৃত বিকিক।গুৰুত্বপূৰ্ণ কথা যে ধর্ষণৰ স্থান দেখুৱাবৰ বাবে লৈ গৈছিল বিকিক।
ইফালে ভাৰপ্ৰাপ্ত মহিলা বিষয়া টুইংকল গোস্বামী প্ৰায় সুস্থ ।পেং কেবিনেটত ভৰ্তি হৈ আছে তেওঁ- এই কথা জনাইছে  অধীক্ষক শৰ্মাই।
বৰ্তমান মৰোণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচৰ মৰ্গত ৰখা হৈছে বিকিৰ মৃতদেহ।গুৰুত্বপূৰ্ণ কথা যে পানবজাৰ মহিলা থানা ১৯/২২ গোচৰৰ ভিত্তিত মঙলবাৰে গ্ৰেপ্তাৰ কৰিছিল ধর্ষণত অভিযুক্ত বিকিক।

Your Comments