গুৱাহাটী গাড়ীগাঁৱৰ কিশোৰী দলবদ্ধ ধৰ্ষণৰ মূল অভিযুক্ত বিকি আলি এনকাউণ্টাৰত নিহত

A

নিউজ ডেস্ক:
গুৱাহাটী গাড়ীগাঁও দলবদ্ধ ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত বিকি আলী(২২)ৰ মৃত্যু।আৰক্ষীৰ এনকাউন্টাৰত মৃত্যু ১৬বছৰীয়া কিশোৰী দলবদ্ধ ধর্ষণৰ মূল অভিযুক্ত।উল্লেখ্য যে ,মংগলবাৰে দিনৰ ভাগত কামৰূপ দামপুৰৰ পাহাৰত আত্মসমৰ্পণ কৰিছিল ধৃত বিকিয়ে।গ্ৰেপ্তাৰ কৰি লৈ অহা হৈছিল গুৱাহাটীলৈ।নিশা এনকাউণ্টাৰ কৰা হয় অভিযুক্ত ধর্ষণকাৰীটোক।
আনহাতে এনকাউণ্টাৰ সন্দৰ্ভত বর্তমানলৈ কোনো মুখ খোলা নাই মহানগৰ আৰক্ষীয়ে।মাজনিশাই গুৱাহাটীৰ মেডিকেল কলেজ হাস্পতাললৈ অনা হয় বিকি আলীক ।বৰ্তমান চিকিৎসালয়ৰ মৰ্গত ৰখা হৈছে বিকি আলীৰ মৃতদেহ ৷
গুৰুত্বপূৰ্ণ কথা যে ,এগৰাকী ১৬ বছৰীয়া কিশোৰীক চাৰি বন্ধুৰে  মিলি দলবদ্ধ ধর্ষণ কৰিছিল বিকিয়ে।যোৱা ৮ মার্চত ধৰ্ষিতা পৰিয়ালে পানবজাৰ মহিলা থানাত এক এজাহাৰ দাখিল কৰিছিল।এজাহাৰৰ ভিত্তিত ১৯/২২ নম্বৰত গোচৰ ৰুজু হৈছিল।গোচৰ ৰুজু হোৱা ছয়দিনৰ পাছত আৰক্ষীৰ জালত পৰিছিল ধৃত বিকি।আনহাতে অন্য চাৰি অভিযুক্ত ধৰ্ষণকাৰী বর্তমানো পলাতক।

Your Comments