অৱদেশ যাদৱৰ হত্যাকাণ্ড সন্দৰ্ভত আৰক্ষী আয়ুক্তই কি কলে পঢ়ক

A

নিউজ ডেস্ক:
অসম আৰক্ষীৰ জালত পৰা গুৱাহাটী ছাত্ৰীবাৰীৰ অৱদেশ যাদৱৰ অন্যতম হত্যাকাৰী পংকজ কুমাৰ যাদৱ।বিহাৰ বেগুচাৰাই জিলাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পংকজ নামৰ হত্যাকাৰীটোক।বালু পাঁচৱানৰ সৈতে ব্যৱসায়ী অৱদেশক হত্যা কৰিবলৈ অসমলৈ আহিছিল ধৃত পংকজ।এই কথা জনাইছে মহানগৰ আৰক্ষী আয়ুক্ত হৰমিত সিঙে ।উল্লেখ্য যে মহানগৰ আৰক্ষীৰ এটা দলে বিহাৰৰ পৰা অভিযুক্ত হত্যাকাৰী পংকজক গ্ৰেপ্তাৰ কৰিছে যদিও বৰ্তমানলৈ বালু পাঁচৱান নামৰ হত্যাকাৰীটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।আয়ুক্ত সিঙে জানিব দিয়া মতে-ডব্লিউ যাদৱৰ পৰিকল্পনাত ধনৰ বিনিময়ত দুই হত্যাকাৰীয়ে গুৱাহাটীত আহি হত্যা কৰিছিল অৱদেশ যাদৱক।ডব্লিউ যাদৱ বৰ্তমান নেপালত আত্মগোপন কৰি থকা বুলি উল্লেখ কৰি সিঙে কয়- লোকেচন গম পালেই নেপাল আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰা হ’ব ঘটনাৰ মাষ্টাৰ মাইণ্ড ডব্লিউ যাদৱক।গুৰুত্বপূৰ্ণ কথা যে ডব্লিউ যাদৱ আৰু অৱদেশ যাদৱৰ পৰিয়ালৰ মাজত থকা দীৰ্ঘদিনীয়া শত্ৰুতাৰ বাবেই এনে ঘটনাৰ সংঘটিত হয়।পৰিয়াল দুটাৰ মাজত বিহাৰত প্ৰায় ৩০টাকৈ গোচৰ আছে- লগতে তেওঁ কয়।
উল্লেখ্য যে ২১ফেব্ৰুৱাৰীৰ নিশা প্ৰায় ৮.৩০ বজাত দুৰ্বৃত্তই মটৰ চাইকেলত আহি শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিছিল ব্যৱসায়ী গৰাকীক।গুলিচালনা কৰি দুজনীয়া দুৰ্বৃত্তৰ দলটো ঘটনাস্থলীত মটৰ চাইকেল এৰি পলায়ন কৰিছিল।

Your Comments