পৃথিৱীৰ কোনো দেশতে অসমীয়াৰ দৰে সুবিধাবাদী জাতি নাই: পৰেশ বৰুৱা

A

 

নিউজ ডেস্ক:
পৃথিৱীৰ কোনো দেশতে অসমীয়াৰ দৰে সুবিধাবাদী জাতি নাই বুলি মন্তব্য প্ৰকাশ কৰি আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই কয় যে ঐক্যবদ্ধ আৰু পৰিশ্ৰম কৰা জাতি হিচাপে বাংলাদেশীও অসমীয়াতকৈ বহুত আগত আছে। অসমীয়াৰ শিক্ষিত চামে ডিগ্ৰী আহৰণ কৰে ঠিকেই, কিন্তু জাতীয় দায়বদ্ধতাকণ পাহৰি যায়।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আস্থা প্ৰকাশ কৰি পৰেশ বৰুৱাই কয় যে মুখ্যমন্ত্ৰীয়ে কথা আৰু কামৰ মাজত সাদৃশ্য স্থাপন কৰিবলৈ সক্ষম হ’লে অসম-ভাৰত সংঘাতৰ সমাধান প্ৰক্ৰিয়াই গতি লাভ কৰিব।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই ৰাজনৈতিক সীমাবদ্ধতা অতিক্ৰম কৰি এই সংঘাত সমাধানৰ বাট মুকলি কৰিব বুলি আশা প্ৰকাশ কৰে পৰেশ বৰুৱাই।আনহাতে অসমৰ কয়লা চিণ্ডিকেটৰাজ সন্দৰ্ভত টেলিফোনিক বাৰ্তালাপত মন্তব্য কৰি বৰুৱাই কয় যে অসমৰ কোন কোন সাংবাদিকে কয়লা ব্যৱসায়ৰ কমিছন লাভ কৰে তাৰ তালিকা ইতিমধ্যে তেওঁ সংগ্ৰহ কৰিছে। কিন্তু বৈদ্যুতিন সংবাদ মাধ্যমতে সশস্ত্ৰ সংগঠনটোৰ বক্তব্য হুবহু প্ৰকাশ নকৰে বুলিও  ব্যক্ত কৰে পৰেশ বৰুৱাই।

Your Comments