
নিউজ ডেস্ক:
হোজাইৰ বৰপুখুৰীত নিশাৰ ভিতৰত মাছৰ মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্য ৷
হোজাইৰ যোগিজানস্থিত বৰপুখুৰীত ৩২ বিঘা মাটিয়ে নিৰ্মিত বৃহৎ পুখুৰীটোত পানীত ওপঙি আছে বহু মাছ ৷
নিশা ৩ বজাৰ পৰা এটা এটা কৈ মাছৰ মৃত্যু হৈ পুৱালৈ প্ৰায় ২০ পৰা ২২কুইণ্টল মাছৰ মৃত্যুৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে বৰপুখুৰী অঞ্চলত ৷
পানীৰ অভাৱত মৃত্যু হৈছে বুলি মত ব্যক্ত কৰে পুখুৰীটো ভাড়ালৈ লোৱা ব্যক্তিজনে লগতে সহায় সহযোগিতা আগবঢ়াবলৈ চৰকাৰক আহ্বান জনায়।
- Log in to post comments
- 15 views