অৱদেশ যাদৱৰ হত্যাকাৰীক বিহাৰৰ পৰা গ্ৰেপ্তাৰ

A

নিউজ ডেস্ক:

গুৱাহাটী পল্টনবজাৰ ছাত্ৰীবাৰীৰ অৱদেশ যাদৱৰ হত্যাকাৰী অসম আৰক্ষীৰ জালত।বিহাৰত অসম আৰক্ষীয়ে অৱদেশৰ হত্যাকাৰী ধৃত পংকজ কুমাৰক গ্ৰেপ্তাৰ কৰে ।উল্লেখ্য যে , ধৃত পংকজেই গুৱাহাটীত আহি গুলিয়াইছিল ব্যৱসায়ী অৱদেশক।গুৰুত্বপূৰ্ণ কথা যে ডব্লিউ যাদৱৰ পৰিকল্পনা মতেই এপাৰটমেন্টৰ সন্মুখত শূন্য দূৰত্বৰ পৰা গুলিয়াই হত্যা কৰিছিল অৱদেশক।আনহাতে ঘটনাৰ মাষ্টাৰ মাইণ্ড ডব্লিউ বৰ্তমানো ক’ত আছে তাৰ নিশ্চিত তথ্য নাই অসম আৰক্ষীৰ হাতত।সন্দেহ কৰিছে নেপালত আত্মগোপন কৰি আছে ডব্লিউৱে।
উল্লেখ্য যে ২১ফেব্ৰুৱাৰীত অৱদেশক সন্ধিয়া প্ৰায় ৮.৩০ বজাত ছাত্ৰীবাৰীৰ নিজ এপাৰ্টমেণ্টৰ সন্মুখত মটৰ চাইকেলত অহা দুই দুৰ্বৃত্তই শূন্য দূৰত্বৰ পৰা গুলিয়াই হত্যা কৰিছিল।সমগ্ৰ ঘটনা বন্দী হৈছিল চিচিটিভিত।

Your Comments