গুৱাহাটী গাড়ীগাঁৱৰ কিশোৰী দলবদ্ধ ধর্ষণৰ ৫অভিযুক্ত ৭জন আত্মীয়-বন্ধুক গ্ৰেপ্তাৰ

A

নিউজ ডেস্ক:

গুৱাহাটী মহানগৰীৰ গাড়ীগাঁৱৰ কিশোৰী দলবদ্ধ ধৰ্ষণৰ গোচৰত অভিযুক্তৰ পৰিয়ালৰ সদস্য আৰু আত্মীয়ক গ্ৰেপ্তাৰ।দলবদ্ধ ধৰ্ষণৰ ৫ অভিযুক্ত লম্পটৰ ৭ জনকৈ আত্মীয়-বন্ধুক সোমবাৰে গ্ৰেপ্তাৰ কৰিছে পানবজাৰ মহিলা আৰক্ষী থানাই।লম্পট ধর্ষণকাৰীক লুকুৱাই ৰখাৰ লগতে পলোৱাত সহায় কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।গ্ৰেপ্তাৰ কৰাৰ ভিতৰত আছে দুগৰাকী মহিলা ।পানবজাৰ মহিলা থানা গোচৰত গ্ৰেপ্তাৰ আইজুল হক (২৪), অভিজিৎ মজুমদাৰ(২৩), চাদাম হুছেইন(৩০), ফিৰোজ আলি(৪৮), আৰিফ আলি(৩৫), মিৰ্জা বেগম(৪৮), নেহা বেগম(২২)।উল্লেখ্য যে ৮মার্চৰ পৰা অভিযুক্তক বিচাৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত লাভ কৰা নাই সন্ধান।গুৰুত্বপূৰ্ণ কথা যে দশমশ্রেণীত অধ্যয়নৰত ছাত্ৰী গৰাকীক আদাবাৰীৰ এখন হোটেলত ৫লম্পটে দলবদ্ধ ধর্ষণ কৰাৰ অভিযোগ তুলি পৰিয়ালে পানবজাৰ মহিলা থানাত এজাহাৰ দাখিল কৰিছিল।কিশোৰী পৰিয়ালৰ এজাহাৰ মতে অভিযুক্ত কেইটা বিকি আলি(২২), ফাইজুল আলি, পোনা আলি, পিংকু আলি আৰু ৰাজা আলি।ইফালে পানবজাৰ মহিলা আৰক্ষী থানাত এই সন্দৰ্ভত ১৯/২২ নম্বৰত ৰুজু হৈছে গোচৰ।আনহাতে সোমবাৰে গ্ৰেপ্তাৰ কৰা ৭ পৰিয়ালৰ সদস্য-বন্ধু বিৰুদ্ধে ইউ এছ ৩৭৬(ডি), আই পি চি আৰ/ডব্লিউ ৬ পিঅচিএছঅ আইন আৰ/ডব্লিউ ৬৭(বি) আই টি এক্ট  ধাৰা সংলগ্ন কৰা হৈছে।
তাৎপৰ্যপূৰ্ণ কথা যে অভিযুক্ত বিকি আলিৰে কিশোৰী গৰাকীৰ প্ৰেমৰ সম্পৰ্ক আছিল।কিশোৰী গৰাকীক লম্পট বিকিয়ে ঘৰলৈ নি ধর্ষণ কৰি ভিডিঅ’ বনায়।পৰৱৰ্তী সময়ত ভিডিঅ’ ভাইৰেল কৰাৰ ভয় দেখুৱাই হোটেলৰ বন্ধ কোঠাত বিকি আৰু অন্য ৪বন্ধুৱে মিলি দলবদ্ধ ধৰ্ষণ কৰিছিল।ইতিমধ্যে আৰক্ষীয়ে কিশোৰী গৰাকীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰিছে।

Your Comments