
নিউজ ডেস্ক:
মঙলবাৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বর্ষৰ পৰীক্ষা।কলা, বাণিজ্য, বিজ্ঞান, কাৰিকৰী এই চাৰিটা শাখাত অনুষ্ঠিত হ’ব পৰীক্ষা।১০০শতাংশ পাঠ্যক্ৰম সামৰি অনুষ্ঠিত হ’ব লগা পৰীক্ষাত শিক্ষাৰ্থীৰ সুবিধাৰ্থে থাকিব প্ৰতিটো প্ৰশ্নৰ বিপৰীতে বিকল্প প্ৰশ্ন।কোভিডসৃষ্ট পৰিৱেশৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে বিকল্প প্ৰশ্নৰ ব্যৱস্থা কৰিছে।গুৰুত্বপূৰ্ণ কথা যে ,এইবাৰ পৰীক্ষাত সৰ্বমুঠ ২,১৫০২২ পৰীক্ষাৰ্থী অৱৰ্তীন হ’ব ৭৯৬টা কেন্দ্ৰত।কলা শাখাত ১,৬৪২১৯ গৰাকী তাৰে ছাত্ৰ ৭৩,০০৭ গৰাকী আৰু ছাত্ৰী ৯১,২১২ গৰাকী।বিজ্ঞান শাখাত ৩৪,৪০১গৰাকী।ছাত্ৰ ২১,৫৪৬ গৰাকী আৰু ছাত্ৰী ১২৮৫৫গৰাকী।একেদৰে বাণিজ্য শাখাত ১৫,৫৮১গৰাকী।তাৰে ছাত্ৰ ১১,২২৪ গৰাকী আৰু ছাত্ৰী ৪৩৫৭গৰাকী।আনহাতে কাৰিকৰী শাখাত ৮২১গৰাকী।ছাত্ৰ ৬০৩গৰাকী আৰু ছাত্ৰী ২১৮গৰাকী।গুৰুত্বপূৰ্ণ কথা যে শিক্ষা সংসদে প্রকাশ কৰা অনুসৰি মুঠ পৰীক্ষাৰ্থী ১,২২৬৮১গৰাকীয়ে দৰিদ্ৰ সীমাৰেখাৰ তলৰ।ইফালে এইবাৰ পৰীক্ষা আৰম্ভ ১৫মিনিট পূৰ্বে পৰীক্ষাৰ্থীয়ে লাভ কৰিব প্ৰশ্নকাকত।উক্ত ১৫মিনিট প্ৰশ্নকাকত পঢ়ি ছোৱা বাবেই সময় পাব- এই কথা জাননী জৰিয়তে প্রকাশ কৰিছে পৰীক্ষা নিয়ন্ত্ৰকে।
- Log in to post comments
- 15 views