ছেবা সাজু; পুৰণি প্ৰশ্নকাকত-উত্তৰবহীৰে মঙলবাৰৰ পৰা মেট্ৰিক-হাইমাদ্ৰাছা

A

নিউজ ডেস্ক:

পুৰণি প্ৰশ্নকাকত-উত্তৰবহীৰে মঙলবাৰৰ পৰা ৰাজ্যত অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা ।কোভিডসৃষ্ট পৰিৱেশৰ ফলশ্ৰুতিত ৬০শতাংশ পাঠ্যক্ৰমেৰে অনুষ্ঠিত হ'ব শিক্ষাৰ্থী জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষা।ছেবা কৰ্তৃপক্ষই সম্পূৰ্ণকৈ সাজু হৈছে পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে।কটকটীয়া নিৰাপত্তা ব্যৱস্থাত প্ৰশ্ন কাকত-উত্তৰবহীসমূহ পৰীক্ষা কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে ।উল্লেখ্য যে মুঠ ৯০৩টা পৰীক্ষাৰ কেন্দ্ৰত অনুষ্ঠিত হ’ব মেট্ৰিক-হাইমাদ্ৰাছা।ইয়াৰে ১৩১টা কেন্দ্ৰত হাইমাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত হ’ব।সৰ্বমুঠ ৪,৩১,১৩২গৰাকী শিক্ষাৰ্থী পৰীক্ষাৰ্থী অৱৰ্তীন হ'ব।তাৰে ৪,১৯,৮৮৭গৰাকী মেট্ৰিক আৰু ১১২৪৫ গৰাকী হাইমাদ্ৰাছাত অৱৰ্তীন হ'ব, বিবৃত্তিৰ জৰিয়তে এইকথা প্রকাশ কৰিছে অসম মাধ্যমিক শিক্ষা পৰিষদে।গুৰুত্বপূৰ্ণ কথা যে ,এইবাৰ হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাত ছাত্ৰৰ তুলনাত ছাত্ৰীৰ সংখ্যা বেছি।মেট্ৰিকত ১,৯৫,৯৮১গৰাকী ছাত্ৰ বিপৰীতে ছাত্ৰী আছে ২,২৪,৭০৬গৰাকী।একেদৰে হাইমাদ্ৰাছাত ৪১৯৯গৰাকী ছাত্ৰ বিপৰীতে ছাত্ৰী ৭০৪৬গৰাকী।
আনহাতে বিশেষভাৱে সক্ষমসকলৰ ২১গৰাকী দৃষ্টিহীন আৰু ৪৬গৰাকী মুকবধিৰ পৰীক্ষাত অৱৰ্তীন হ’ব।

Your Comments