
নিউজ ডেস্ক:
অসমৰ তৈলখনন বাঘজান কাণ্ডৰে অভিযুক্ত জন এনাৰ্জী নামৰ ব্যক্তিগত প্ৰতিষ্ঠানক গতাই দিয়া অইল ইণ্ডিয়া লিমিটেডৰ সিদ্ধান্তৰ বিৰুদ্ধে আন্দোলন কাৰ্যসূচী ঘোষণা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ।আজি এক সংবাদমেলৰ জৰিয়তে পৰিষদৰ নেতৃত্বই কয়- ২৩ আৰু ২৮ মাৰ্চত অইল ইণ্ডিয়াৰ বিৰুদ্ধে উজনি অসমৰ তিনিখন জিলাত সাব্যস্ত কৰা হ’ব প্ৰতিবাদ।তিনিচুকীয়া, ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ অইল ইণ্ডিয়া লিমিটেড খননস্থলী সমূহত সাব্যস্ত কৰা হ’ব ২৩মার্চত প্ৰতিবাদ।একেদৰে ২৮মাৰ্চত ১০০ঘণ্টাৰ বাবে অইলৰ খনন আৰু উৎপাদন সম্পূৰ্ণৰূপে বন্ধ কৰি সৰ্বাত্মক বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই জানিবলৈ দিয়ে।উল্লেখ্য যে চাংমাই জানিবলৈ দিয়া অনুসৰি মৰাণ আৰু সাপেখাটিৰ দুখন তৈল ফিল্ড খননৰ নিৰ্বিদা দিছে ব্যক্তিগত প্ৰতিষ্ঠানটোক।পৰিষদৰ দাবী জন এনাৰ্জীৰ নির্বিদা বাতিল কৰিব লাগে অইল ইণ্ডিয়া লিমিটেডে।কোনো কাৰণত জন এনাৰ্জীক এই তৈলখনন বা অইলৰ কোনো কামত জড়িত কৰোৱাৰ কাৰ্য মানি লোৱা নহব।কাৰণ বাঘজান কাণ্ডৰ এই জন এনাৰ্জী অদক্ষ, হেমাহী আৰু বিফলতাৰ বাবেই সংঘটিত হৈছিল - সাধাৰণ সম্পাদক গৰাকীয়ে কয়।
আনহাতে সংবাদমেলতে অসমীয়া থলুৱাক বঞ্চনা কৰি অইল ইণ্ডিয়া লিমিটেডে মুখ্য পৰিচালন সঞ্চালক পদত বহিৰাগতক নিযুক্তি দিবলৈ যো-যা চলোৱা কাৰ্যক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰে।থলুৱাক বঞ্চনাৰে বহিৰাগত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠানটোৰ শীৰ্ষ পদবীত নিযুক্তি দিব বিচৰা কাৰ্য বাতিল কৰাৰো দাবী জনায়।উল্লেখ্য যে ইতিমধ্যে সংযুক্ত মুক্তি বাহিনী চমুকৈ আলফা(স্বা) য়ে অইল ইণ্ডিয়া লিমিটেডৰ এই সিদ্ধান্তৰ বিৰুদ্ধে মন্তব্য প্ৰকাশ কৰিছে।অইল ইণ্ডিয়া লিমিটেডৰ এই অসমীয়া বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰ কৰা দাবী জনাইছে।লগতে ৰাজ্যৰ জাতীয় সংগঠনসমূহক অইলৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তুলিবলৈ সশস্ত্ৰ সংগঠনটোৱে আহ্বান জনাইছে।
- Log in to post comments
- 13 views