ৰাজ্যপালৰ ভাষণত ১লাখ নিবনুৱা নিযুক্তিৰ প্ৰশ্ন কৰি বাজেট অধিৱেশনৰ প্রথমদিনটোত বহিষ্কাৰ অখিল গগৈ

A

নিউজ ডেস্ক:

'মিছা কথা শুনি থকাতো মোৰ আৰু ৰাইজৰ দলৰ পক্ষে সম্ভৱপৰ নহয়।বিৰোধী হিচাপে সদায় সত্য-সুন্দৰ আৰু ৰাইজৰ পক্ষত অৱস্থান গ্ৰহণ কৰিম।তাৰ বাবে সদনৰ পৰা কেৱল বহিষ্কাৰেই নহয়, প্ৰয়োজনত বিধানসভাৰ সদস্য পদো ত্যাগ কৰিম।কিন্তু ৰাইজৰ বিপক্ষে ভুৱা মিছা কথা কৈ থাকিবলৈ দিয়া নহব'-বিধানসভাৰ বাজেট অধিৱেশনৰ পৰা বহিষ্কাৰ হোৱাৰ পাছতেই এই মন্তৱ্য বিধায়ক অখিল গগৈৰ।ৰাজ্যপালৰ ভাষণৰ বিৰুদ্ধে গৈ জীৱনৰ প্ৰথমটো বহিষ্কাৰৰ সন্মুখীন হৈছে।"মোৰ বাবে জীৱনৰ গুৰুত্বপূৰ্ণ দিন।এবছৰে চৰকাৰখনক মাৰ্জিত ভাৱেই সমালোচনা কৰি আহিছিলোঁ।কিন্তু আজিৰ পৰা সমালোচনা অধিক কৰি তোলা হ’ব।নিলম্বন বা বহিষ্কাৰেই কৰক কিন্তু বছৰি ১লাখ নিবনুৱা নিযুক্তি নিদিয়া পৰ্যন্ত  ক্ষান্ত নহওঁ'- তেওঁ  লগতে কয়।উল্লেখ্য যে ,ৰাজ্যপালৰ ভাষণত ১লাখ নিবনুৱাৰ  সংস্থাপন প্ৰসংগ উত্থাপন কৰা বাবেই অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে মার্চেল লগাই বহিষ্কাৰ কৰে গগৈক।
উল্লেখ্য যে ,আজিৰে পৰা হিমন্ত চৰকাৰৰ প্রথমখন পূৰ্ণাংগ বাজেট অধিৱেশন আৰম্ভ হৈছে।পহিলা মার্চলৈ চলিব লগা অধিৱেশনৰ ১৬মার্চত দাখিল হ’ব অজন্তা নেওগৰ প্ৰথমখন বাজেট।

Your Comments