অক্টোবৰৰ পৰা পুনৰ বিদেশলৈ ক’ভিড ভেকচিন ৰপ্তানি কৰিব ভাৰতে, জনালে কেন্দ্রীয় স্বাস্থ্যমন্ত্রীয়ে , সবিশেষ পঢ়ক

A

নিউজ ডেস্ক:

চলিত বছৰৰ অক্টোবৰৰ পৰা পুনৰ ক’ভিড ভেকচিন ৰপ্তানি আৰম্ভ কৰিব নৰেন্দ্র মোদী চৰকাৰে। সোমবাৰে কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্তৰ কথা ঘোষণা কৰিছে ৷ কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মাণ্ডবিয়াই জানিবলৈ দিয়ে যে “অহা মাহৰ পৰা ‘ভেকচিন মৈত্রী’ উদ্যোগৰ অধীনত বিশ্বৰ বিভিন্ন দেশলৈ কৰোণাৰ টিকা পঠোৱা হ’ব ”৷

কেন্দ্রীয় স্বাস্থ্যমন্ত্রীগৰাকীয়ে লগতে মত প্ৰকাশ কৰে যে , অক্টোবৰত ৩০কোটিৰো অধিক টীকা উৎপাদনৰ লক্ষ্য হাতত লোৱা হৈছে ৷ গুৰুত্বপূৰ্ণ কথা এই যে , কেন্দ্রীয় চৰকাৰৰ এই উদ্যোগৰ ফলত চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ, নেপাল, ভুটান শ্রীলঙ্কা, মালদ্বীপৰ লগতে  দক্ষিণ আফ্রিকা, ব্রাজিল, আফগানিস্তান, মেক্সিকো বা নাইজিৰিয়াৰ দৰে দেশসমূহো যথেষ্ট উপকৃত হ’ব ।

Your Comments