ডিব্ৰুগড় মেডিকেল কলেজ হাস্পতালৰ অধ্যক্ষৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক: জিএমচিএইচত ভৰ্তি

A

নিউজ ডেস্ক:

ক'ৰনাত আক্ৰান্ত অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতি ৷ শাৰীৰিক অৱস্থা অধিক সংকটজনক।শৰীৰত দ্ৰুত গতিত কমি গৈছে অক্সিজেনৰ পৰিমাণ।শুকুৰবাৰে এএমচিএইচত ভৰ্তি কৰা হৈছিল অধ্যক্ষ গৰাকীক।

উল্লেখ্য যে শনিবাৰে ডাঃ কাকতিক এয়াৰ এম্বুলেন্সৰ যোগে দিল্লীৰ এইমছলৈ নিবলৈ চেষ্টা কৰা হৈছিল।কিন্তু প্ৰতিকূল বতৰৰ লগতে দীঘলীয়া যাত্ৰাৰ বাবে সেইয়া সম্ভৱ নহল।ফলত উন্নত চিকিৎসাৰ বাবে জিএমচিএইচত ভৰ্তি কৰোৱা হৈছে কাকতিক।চেমি ভেন্টিলেচন চমুকৈ এনআইভিত চিকিৎসা চলি আছে অধ্যক্ষ গৰাকীৰ।

গুৰুত্বপূৰ্ণ কথা এই যে  অধ্যক্ষ গৰাকীৰ পত্নীও আক্ৰান্ত হৈছে ক’ভিডত।

Your Comments