গোৱালপাৰাত আৰক্ষীৰ গুলিত ২ ডকাইত নিহত: আহত ১

A

নিউজ ডেস্ক:


গোৱালপাৰাত ডকাইতৰ বাহনত অসম আৰক্ষীৰ গুলিচালনা।দুই ডকাইত থিতাতে নিহত হোৱাৰ বিপৰীতে গুলিবৃদ্ধ হয় এটা ডকাইত।

শনিবাৰে নিশা সংঘটিত ঘটনাত নিহত ডকাইত দুটা ৰাফাজুদ্দিন আৰু বাশিট আলি। আনহাতে ৰচিদুল ইছলাম নামৰ ডকাইতজনো আৰক্ষীৰ গুলিত আহত হয়।এই কথা প্ৰকাশ কৰিছে অসম আৰক্ষীৰ  সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই।

ইফালে গোৱালপাৰা আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ডকাইতৰ বাহনখনে মৰনৈ আৰক্ষীৰ বেৰিকেড ভাঙি আহিছিল।চুইফট বাহনত আছিল ডকাইতৰ দলটো।পাছত আৰক্ষীয়ে খেদি খেদি কাৰবালা গোবিন্দপুৰত গাড়ীখন গুলিয়াই ৰখাবলৈ সক্ষম হয়।শনিবাৰে নিশা প্ৰায় ১১বজাত ঘটনাটো সংঘটিত হোৱা বুলি কয় স্থানীয় ৰাইজে।

উল্লেখ্য  যে আৰক্ষীয়ে ডকাইতৰ দলটোৰ পৰা এটা পিষ্টল উদ্ধাৰৰ লগতে চুইফট বাহনখনো জব্দ কৰে।বাহনখনৰ গৰাকী ডকাইত জিতেন দাস বুলি নিশ্চিত কৰিছে।জিতেন দাস বৰ্তমান ওদালগুৰি আৰক্ষীৰ জিম্মাত আছে।B

Your Comments