ধলপুৰ শিৱমন্দিৰ আধাৰশিলাক লৈ সামাজিক মাধ্যমত বিতৰ্ক: মুখ্যমন্ত্ৰীৰ হৈ ভূমিপূজন পত্নী ৰিণিকি ভূঞা শৰ্মা

A

নিউজ ডেস্ক:

ঐতিহাসিক ধলপুৰ শিৱমন্দিৰ পুনঃনিৰ্মানৰ ভূমিপূজনক কেন্দ্ৰ কৰি সামাজিক মাধ্যমত ট্ৰ'ল।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হৈ পত্নী ৰিণিকি ভূঞা শৰ্মাই মন্দিৰৰ আধাৰশিলা স্থাপন কৰাক লৈ সামাজিক মাধ্যমত আৰম্ভ হৈছে ব্যাপক চৰ্চা।

সামাজিক মাধ্যমত একাংশই প্ৰকাশ কৰিছে- আৰম্ভ হৈছে পৰিয়াল কেন্দ্ৰীক ৰাজনীতি।

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ৰাহুল গৌতম শৰ্মাই ফেচবুকত লিখিছে-" ৰিণিকি ভূঞা শৰ্মা অসম চৰকাৰৰ কি হয়?তেখেত হিমন্ত বিশ্ব শৰ্মাৰ পত্নী, অৰ্ধ-মুখ্যমন্ত্ৰী নহয়।এইজনেই সেইজন হিমন্ত বিশ্ব শৰ্মা নহয় নে যিয়ে স্বজন-তোষণৰ দোহাই দি কংগ্ৰেছ ত্যাগ কৰিছিল?"

পল্লৱ জ্যোতি বৰাই কয়-কোনোবা দিনাখন বিধানসভাত মুখ্যমন্ত্ৰীৰ হৈ সহধৰ্মিণী বাইদেউক দেখা নাপালে  হ’ল।

ৰাতুল গগৈয়ে লিখিছে- ইতিহাসত বিৰল ঘটনা।কংগ্ৰেছক কয় পৰিয়ালতন্ত্ৰ চলে বুলি আপোনালোকৰ এইয়া কি তন্ত্ৰ!

বৈকুণ্ঠ বৰ্মনে লিখিছে- ৰাজনীতিত পৰিয়ালতন্ত্ৰ আৰু ব্যক্তিগতকৰণ কৰাৰ হেঁপাহ দুয়োটা থাকে।

চাও শ্যামল গগৈয়ে লিখিছে- ল’ৰা- ছোৱালীহালৰ নাম থকা হলে সোণত সুৱগা চৰিল হয়।

'মুখ্যমন্ত্ৰী যদি থাকিব নোৱাৰে তেন্তে মন্ত্ৰী বা স্থানীয় বিধায়কে আধাৰশিলা কৰিব পাৰিলে হয়'- বুলিও বিভিন্নজনে ফেচবুকত প্ৰকাশ কৰিছে মন্তব্য।

উল্লেখ্য  যে শুকুৰবাৰে আধাৰশিলা স্থাপন কৰিছিল মুখ্যমন্ত্ৰী হৈ পত্নী ৰিণিকি ভূঞা শৰ্মাই।অনুষ্ঠানত চিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশী, অসম সাহিত্য সভাৰ উপ-সভাপতি তথা মুখ্যমন্ত্ৰীৰ মাতৃ মৃণালীনি দেৱী উপস্থিত আছিল।

Your Comments