মন্ত্ৰী চন্দ্ৰমোহনক প্ৰত্যাহ্বান: ৫০শতাংশ ভাড়া বৃদ্ধিৰে চলাব বাছ মালিক সন্থাই, অন্যথা কি কৰিব পঢ়ি লওঁক

A

নিউজ ডেস্ক:

ক'ৰনা নিয়ন্ত্ৰণৰ বাবে ৰাজ্যত বন্ধ হৈ থকা দুৰণিৱতীয়া বাছসেৱা অহা ১ছেপ্টেম্বৰৰ পৰা পুনৰ আৰম্ভ হ’ব।পূৰ্বৰ তুলনাত ৫০শতাংশ ভাড়া বৃদ্ধি কৰি বাছ চলোৱাৰ সিদ্ধান্ত উজনি অসমৰ বাছ মালিক সন্থাৰ।অন্যথা নচলায় বাছ।শুকুৰবাৰে সংবাদ মেল সম্বোধন কৰি এই ঘোষণা উজনি অসম বাছ মালিক সন্থাৰ।

উল্লেখ্য যে ক’ভিড পৰিৱেশত দুবছৰ ধৰি লোকচানত চলিছে বাছসমুহ।তেনে সময়তে চৰকাৰে স্পেচিয়েল পাৰ্মিতৰ নামত ৪০০শতাংশ মাচুল বৃদ্ধি কৰিছে বাছৰ।এই কথা সন্থাই কয় সংবাদমেলত।

আনহাতে, সন্থাৰ যুক্তি তেলৰ দাম ৩৫শতাংশ বৃদ্ধি হোৱাৰ লগতে বাছৰ বিভিন্ন যন্ত্ৰপাতিৰ দাম ১০০শতাংশ বৃদ্ধি হৈছে।তেনে ক্ষেত্ৰত কিদৰে আমি চলাব পাৰিম পূৰ্ব ৰ ভাড়াত বাছসমূহ।

গুৰুত্বপূৰ্ণ কথা যে বাছ ভাড়া বৃদ্ধি সন্দৰ্ভত চৰকাৰে মালিক পক্ষৰ লগত আলোচনাৰে বিষয়টো মীমাংসা কৰাত কোনো ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপন কৰে মালিক সকলে।

উল্লেখ্য যে দুদিন পূৰ্বে কোনো কাৰণত বাছ ভাড়া বৃদ্ধি নহয় বুলি পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ঘোষণা কৰিছিল।

Your Comments