নন্দিতা শইকীয়া হত্যাৰ বিচাৰ ফাষ্টট্ৰেক আদালতত হ'ব

A

নিউজ ডেস্ক :

ধেমাজি মৰিধল কলেজৰ দুৰ্ভগীয়া ছাত্ৰী নন্দিতা শইকীয়া হত্যাৰ বিচাৰ ফাষ্টট্ৰেক আদালতত চলিব।অসম চৰকাৰৰ কেবিনেটে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।প্ৰেম প্ৰত্যাখানৰ বাবে ঘাটক ৰিণ্টু শৰ্মাই দাৰে আক্ৰমণ কৰিছিল মেধাৱী ছাত্ৰী গৰাকীক।

চোকা অস্ত্ৰৰ উপৰ্যুপৰি আক্ৰমণত বেয়াকৈ আঘাত প্ৰাপ্ত হৈ বুধবাৰে ডিব্ৰুগড় ব্ৰহ্মপুত্ৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱতি লয়।

উল্লেখ্য যে ধেমাজি চহৰৰ মাজ- মজিয়াত দিন-দূপৰতে নন্দিতাক আক্ৰমণ কৰিছিল ৰিণ্টুৱে।

Your Comments