ধুবুৰীৰ প্ৰাক্তন এডিচি চাইবুৰ ৰহমানক গ্ৰেপ্তাৰ

A

নিউজ ডেস্ক:

ধুবুৰীৰ প্ৰাক্তন এডিচি, বৰ্তমানৰ শাখা উন্নয়নৰ উপ-সচিব চাইবুৰ ৰহমানক গ্ৰেপ্তাৰ।আয়বৰ্হিভূত সম্পত্তি থকাৰ অভিযোগত বিষয়া গৰাকীক গুৱাহাটীত গ্ৰেপ্তাৰ কৰা হৈছে।মুখ্যমন্ত্ৰী তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰিছে ৰহমানক।

উল্লেখ্য যে শীর্ষবিষয়া গৰাকীৰ আয়ৰ তুলনাত সম্পত্তি অধিক হোৱাত তলব কৰা হৈছিল।সম্পত্তি তথ্যত  মুখ্যমন্ত্ৰী তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰে বিষয়া গৰাকীক।


এনআৰচি উন্নীতকৰণৰ সময়ত মৰিগাঁও জিলা নির্বাচনী বিষয়া আছিল ৰহমান।বহু পূৰ্বৰে পৰা বিষয়া গৰাকীৰ বিৰুদ্ধে উত্থাপন হৈ আহিছিল দুৰ্নীতিৰ গুৰুতৰ অভিযোগ।মঙলবাৰে গ্ৰেপ্তাৰ কৰি বিষয়া গৰাকীক হাজিৰ কৰোৱা হয় আদালতত।

গুৰুত্বপূৰ্ণ কথা এই যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী বিষয়া সকলক দুৰ্নীতি নকৰিবলৈ সতৰ্ক কৰি দিছে ৷

Your Comments