ছেপ্টেম্বৰৰ পৰা ৰাজ্যত মুকলি হ'ব বিদ্যালয়, ৩ দিনৰ ভিতৰত প্রকাশ পাব এছ অ’ পি- ৰনোজ পেগু

A

নিউজ ডেস্ক:

ক'ৰনাৰ বাবে দীর্ঘদিনে বন্ধ হৈ থকা শিক্ষানুষ্ঠান মুকলিৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ।ছেপ্টেম্বৰৰ পৰা দশম, দ্বাদশ, স্নাতক চূড়ান্ত বর্ষৰ পাঠদান আৰম্ভ কৰাৰ বাবে সাজু হৈছে।একেদৰে কাৰিকৰী শিক্ষা প্রতিষ্ঠানৰো আৰম্ভ হ’ব পাঠদান ৷ এই কথা সদৰী কৰিছে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে।

ডিফুৰ এক অনুষ্ঠানত শিক্ষামন্ত্রী পেগুৱে সংবাদ মাধ্যমৰ আগত কয় যে -'অহা ছেপ্টেম্বৰৰ পৰা পর্যায়ক্রমে শিক্ষানুষ্ঠানসমূহ খোলা হ’ব'।

শিক্ষানুষ্ঠান মুকলিৰ বাবে প্ৰস্তুত কৰা হৈছে  সুকীয়া এছ অ’ পি। প্র
এছ'অপি মুখ্যমন্ত্রীৰ অনুমোদন লাভ কৰিলে অহা তিনি দিনৰ ভিতৰত প্রকাশ পাব- পেগুৱে কয়।

Your Comments