তালিবানক সমৰ্থন জনোৱাৰ বাবে অসমৰ ১২ গৰাকীকৈ লোকক আটক

 

নিউজ ডেস্কঃ
সমগ্ৰ বিশ্বতে সন্ত্ৰাসৰ সৃষ্টি কৰা তালিবানক সমৰ্থন জনোৱাৰ অপৰাধতে অসমৰ  মুঠ ১০ খন জিলাৰ পৰা আটক কৰা হৈছে ১২ গৰাকীকৈ লোকক৷ আটক কৰা সকলৰ ভিতৰত এজন তেজপুৰ মেডিকেল কলেজৰ এম বি বি এছৰ ছাত্ৰ বুলি জানিব পৰা গৈছে ৷ছাত্ৰজনৰ ঘৰ হাইলাকান্দিত ৷গুৰুত্বপূৰ্ণ কথা এই যে আটকাধীনসকলৰ ভিতৰত দুজন মৌলানাও আছে ৷ অভিযোগ অনুসৰি আটাইকেইজনেই সামাজিক মাধ্যমত তালিবানক পূৰ্ণ সমৰ্থন জনাইছিল।

Your Comments