ৰাজ্যৰ শিক্ষাৰ ক্ষেত্ৰত বহুকেইটা নতুন সিদ্ধান্ত কেবিনেটৰ, পঢ়ক

A

নিউজ ডেস্ক :

শিক্ষাৰ ক্ষেত্ৰত ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।এতিয়াৰে পৰা বুৰঞ্জী আৰু ভূগোলক বিদ্যালয়ৰ শৈক্ষিক পাঠ্যক্ৰমত বাধ্যতামূলক বিষয় হিচাপে সন্নিবিষ্ট হ'ব।ক'লা, বিজ্ঞান উভয় শাখাৰ ছাত্ৰ-ছাত্ৰীয়ে বাধ্যতামূলকভাৱে পঢ়িব লাগিব উক্ত বিষয়দুটা।

আনহাতে, ২০২২চনৰ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ অসমত ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰৱৰ্তন হ'ব।শিক্ষানীতি অনুসৰি ৰাজ্যৰ উচ্চ মাধ্যমিক বিদ্যালয়সমূহ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হ'ব।একেদৰে কনিষ্ঠ মহাবিদ্যালয় সমূহত নৱম-দশমশ্রেণী অন্তৰ্ভুক্ত হ'ব।শুকুৰবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেট গ্ৰহণ কৰে এই গুৰুত্ব সিদ্ধান্ত।

Your Comments