কেতিয়া মুকলি হ'ব দূৰণিবতীয়া বাছ সেৱা! মুখ্যমন্ত্ৰীয়ে কি কলে পঢ়ক

A

নিউজ ডেস্ক:

ৰাজ্যৰ দুৰণিবতীয়া বাছসেৱা মুকলি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা।ব্যক্তিগত বাহনসমূহ মুকলি হৈছে, ৰাজহুৱা পৰিবহণ মুকলিলৈ আৰু ১৫ দিন অপেক্ষা কৰিব লাগিব।ৰাজহুৱা পৰিবহনত শিথিলতা প্ৰদান কৰিলে হ'ব পাৰে বিপদ।

'অধিক শিথিলতা প্ৰদান কৰিলে আকৌ তিনিমাহলৈ কঠোৰ নীতি- নিয়ম দিব লগা হ’ব পাৰে।ৰাজহুৱা বাহনত ৫০ শতাংশ যাত্ৰী উঠোৱা নীতি মানি নচলে।আক্রান্তৰ সংখ্যা    দৈনিক ৭০০-৮০০ হৈ আছে"।  

উল্লেখ্য যে  ক'ৰনা সংক্ৰমণ প্ৰতিৰোধৰ বাবে যোৱা এপ্ৰিলৰ পৰা  বন্ধ হৈ আছে দুৰণিবতীয়া বাছসেৱা।শেহতীয়াকৈ আন্তঃজিলা যাতায়তত ব্যক্তিগত বাহনসমূহৰ অনুমতি দিয়া হৈছে যদিও ৰাজহুৱা পৰিবহন ব্যৱস্থা বন্ধ ৰাখিছে।

Your Comments