বুধবাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্ত সমূহ পঢ়ি লওঁক

A

নিউজ ডেস্ক: 

 

ক'ৰনা আতংকৰ মাজতে বুধবাৰে দিছপুৰত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত গ্ৰহণ কৰা হয় বহুকেইটা সিদ্ধান্ত।কেবিনেটৰ সিদ্ধান্ত মন্ত্ৰী পিযুষ হাজৰিকাই সংবাদমেল যোগে ঘোষণা কৰে।

 

ৰাজ্যৰ গোৰ্খা সম্প্ৰাদয়ৰ বিৰুদ্ধে বিদেশী সংক্ৰান্তীয় নতুন গোচৰ নচলাবলৈ সিদ্ধান্ত লয় কেবিনেট বৈঠকত।বিদেশী ন্যায়াধীকৰণত নিষ্পত্তি নোহোৱা কৈ থকা গোচৰ সমূহ উঠাই লোৱা হ’ব।

 

প্ৰাক্তন সাংসদ ৰমেন ডেকাক ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰন আয়োগৰ সহ-উপাধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ লগতে কেবিনেট মৰ্যাদা প্ৰদানৰ সিদ্ধান্ত লয় কেবিনেটে।

 

 

ভূমিহীনক ভূমি আৱণ্টনৰ দিনাখন ম্যাদী পট্টা প্ৰদান কৰাৰ লগতে এই ভূমি ব্যক্তিগৰাকীয়ে পোন্ধৰ বছৰ পিছতহে বিক্ৰী বা হস্তান্তৰ কৰিব পাৰিব৷ উল্লেখ্য  যে পূৰ্বতে ভূমি আৱণ্টন দিয়া তিনি বছৰ পাছতহে ম্যাদি পট্টা প্ৰদানৰ ব্যৱস্থা আছিল৷

 

ইফালে ফ্লেট ক্ৰয় আৰু বিক্ৰীৰ বাবে এতিয়াৰ পৰা জিলা প্ৰশাসনৰ পৰা অনুমতি লোৱাৰ প্ৰয়োজন নাই। 

কেবিনেটে শিক্ষা বিভাগত খালি হৈ থকা অনুমোদিত ২২,৯২১ টা পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে অনুমোদন জনায়।পদসমূহৰ ১০হাজাৰ প্ৰাথমিক শিক্ষা বিভাগৰ আৰু ১২,৯২১টা মাধ্যমিক শিক্ষা বিভাগৰ৷পহিলা ছেপ্টেম্বৰৰ পৰা এই পদপূৰণৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব।

 

পাৰ্বত্য অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ১৪৬৪টা পদত নিযুক্তিৰ বাবে বিশেষ টেট অনুষ্ঠিত কৰাৰো  সিদ্ধান্ত লয় কেবিনেটে।একেদৰেই বড়ো, গাৰো আৰু মণিপুৰী মাধ্যমৰ বাবেও হ’ব বিশেষ টেট পৰীক্ষা৷

Your Comments