৩০ জুলাইত মেট্ৰিক পৰীক্ষাৰ ফলাফল কিদৰে লাভ কৰিব, পঢ়ক

A

নিউজ ডেস্ক :

ক'ৰনা পৰিস্থিতিৰ মাজতে ৩০ জুলাই শুকুৰবাৰে ঘোষণা হ'ব ৰাজ্যৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছাৰ ফলাফল।পুৱা ১১বজাত ছেৱাই ঘোষণা কৰিব ফলাফল।অনলাইনত পৰীক্ষাৰ্থীয়ে লাভ কৰিব ফলাফল।১৪ টাকৈ ৱেবচাইটত উপলব্ধ হ'ব ফলাফল।

উল্লেখ্য যে চলিত বৰ্ষত ৪ লাখ ৩৮ হাজাৰ ৮২৮গৰাকী পৰীক্ষাৰ্থী অৱৰ্তীন হৈছে পৰীক্ষাত।

মেট্ৰিকত ৪ লাখ ২৬ হাজাৰ ৫৫৩ গৰাকী পৰীক্ষাৰ্থী থকাৰ বিপৰীতে ১২হাজাৰ ২৭৫ গৰাকী।

পৰীক্ষাত অৱৰ্তীন হোৱা ল'ৰাৰ তুলনাত ছোৱালীৰ সংখ্যা বেছি।

ফলাফল ঘোষণাৰ ৱেবছাইট সমূহ- SEBAONLINE.ORG, SEBARESULTS.IN, RESULTSASSAM.NIC.IN, RESULTS.SHIKSHA , ASSAM.SHIKSHA, ASSAMONLINE.IN, INDIARESULTS.COM, EXAMETC.COM, SCHOOLS9.COM, ASSAMJOBALARTS.COM, ASSAMRESULT.IN, IRESULTS. NET, NECAREER.COM আৰু JAGRANJOSH.COM ।

ইয়াৰ উপৰিও ছেৱাৰ ৰিজাল্ট মোবাইল এপত উপলব্ধ হ'ব ফলাফল।

আনহাতে, ফলাফলত কোনো ছাত্ৰ- ছাত্ৰী সুখী নহ'লে বহিব পাৰিব বিশেষ পৰীক্ষাত।তাৰ বাবে ৫আগষ্ট পৰা অনলাইনত আৱেদন কৰিব লাগিব ।

উল্লেখ্য যে পূৰ্বৰ দৰে ফলাফলৰ বুকলেটৰ সলনি পিডিএফ ফাইল প্ৰদান কৰা হ'ব বিদ্যালয়সমূহলৈ।

অনলাইনত ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব মাৰ্কছিট।B

Your Comments