বিদ্যালয়সমূহক সময়ত ইউনিট টেষ্ট -বছেৰেকীয়া পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশ শিক্ষা বিভাগৰ, অন্যথা শিক্ষকে নাপাব দৰমহা

A

নিউজ ডেস্ক :


ৰাজ্যৰ বিদ্যালয়সমূহলৈ শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।শিক্ষা বিভাগৰ প্ৰধান সচিবে জাৰি কৰিছে এই নিৰ্দেশনা।বিদ্যালয় সমূহক সময়মতে বছৰেকীয়া বাছনি পৰীক্ষাৰ লগতে ইউনিট টেষ্ট অনুষ্ঠিত কৰাৰ নিৰ্দেশ।লগতে নৱম-দশম শ্ৰেণীৰ অভ্যন্তৰীণ পৰীক্ষাও সময়মতে অনুষ্ঠিত কৰাৰ নির্দেশ বিদ্যালয়সমূহক।

উল্লেখ্য  যে পৰীক্ষা অনুষ্ঠিত নকৰা বিদ্যালয়ৰ স্বীকৃতি বাতিল হোৱাৰ লগতে শিক্ষকে দৰমহাও নাপাব বুলি উল্লেখ কৰিছে।

গুৰুত্বপূৰ্ণ কথা যে নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ পৰীক্ষাৰ সন্দৰ্ভত ইতিমধ্যে কেবিনেটত লোৱা হৈছে সিদ্ধান্ত।সেই অনুসৰি কেবিনেটে গঠন কৰি দিছে বিশেষ আভ্যন্তৰীণ মূল্যায়ন কমিটী।


উল্লেখ্য যে নৱম শ্ৰেণীৰ এটা ইউনিট টেষ্ট পৰীক্ষাৰ পাছতে অনুষ্ঠিত হ'ব ছমহীয়া পৰীক্ষা। ঠিক একেদৰে দ্বিতীয়তো ইউনিট টেষ্টৰ পাছতে বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব।


আনহাতে, দশম শ্ৰেণীৰ বাবে থাকিব প্ৰি-ব’ৰ্ড পৰীক্ষা।দশম শ্ৰেণীৰ ইউনিট টেষ্টৰ প্ৰশ্ন কাকত জিলা ভিত্তিত পৰীক্ষা কমিটীয়ে আৰু প্ৰি-ব’ৰ্ড, ছমহীয়া আৰু বছৰেকীয়া পৰীক্ষাৰ প্ৰশ্ন কাকত প্ৰস্তুত কৰিবলৈ থাকিব এখন গোপন কমিটী।পৰীক্ষাৰ বহীসমূহ বিদ্যালয়তে নিৰীক্ষণ কৰা হ’ব। 

তাপৰ্যপূৰ্ণ ছমহীয়া, বছৰেকীয়া আৰু প্ৰি-ব’ৰ্ডৰ পৰীক্ষাৰ বহী মূল্যায়নৰ বাবে পৃথক ব্যৱস্থা কৰা হৈছে।পৰীক্ষাৰ তথ্য নিৰ্দিষ্ট প’ৰ্টেলত আপলোড কৰিব লাগিব বিদ্যালয় সমূহে।B

Your Comments