১৫ আগষ্টৰ পূৰ্বে আন্তঃজিলা যাতায়ত খোলাৰ সম্ভাৱনা নাই- ডঃ হিমন্ত বিশ্ব শৰ্মা

A

নিউজ ডেস্ক :

ক'ৰনা নিয়ন্ত্ৰণৰ বাবে ৰাজ্যত বন্ধ থকা আন্তঃজিলা যাতায়ত সেৱা ১৫ আগষ্টৰ পূৰ্বে মুকলিৰ সম্ভাৱনা নাই।এই গুৰুত্বপূৰ্ণ মন্তৱ্য আগবঢ়ায়  মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

আন্তঃজিলা যাতায়ত পৰ্যায়ক্ৰমে কিছু শিথিলতা হ'ব।সপ্তাহত এটা- দুটা দিন আন্তঃজিলা যাতায়তৰ অনুমতি আহিব পাৰে বুলিও তেওঁ কয়।

আনহাতে কাৰ্ফিউ প্ৰযোজ্য হৈ থকা জিলাকেইখনত সোমবাৰৰ পৰা কাৰ্ফিউ প্ৰত্যাহাৰৰ চেষ্টা কৰা হ'ব বুলি জানিব দিয়ে মুখ্যমন্ত্ৰীয়ে। 

গুৰুত্বপূৰ্ণ কথা বৰ্তমান পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ  ঘূৰি অহা নাই।

Your Comments