মুখ্যমন্ত্ৰীৰ ড্ৰাগছ দাহ কাৰ্যসূচী

A

নিউজ ডেস্ক :

অসম আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছ  দাহ কাৰ্যসূচীৰ শুভাৰম্ভনি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।শনিবাৰে দুটা স্থানত দাহ কৰিলে ড্ৰাগছ।

গোলাঘাট আৰু ডিফুত মুখ্যমন্ত্ৰীয়ে ড্ৰাগছ মুক্ত অসমৰ লক্ষ্যৰে জুইত দাহ কৰে আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছ।গোলাঘাটৰ বগৰী জেং আৰক্ষীৰ চাউনীৰ খেল পথাৰত ডঃ শৰ্মাই ড্ৰাগছ দাহ কাৰ্যসূচীৰ শুভাৰম্ভনি কৰে।

গুৰুত্বপূৰ্ণ কথা দুদিন ধৰি চলিব এই কাৰ্যসূচী।
ইফালে কাৰ্যসূচীৰ শুভাৰম্ভণি কৰি মুখ্যমন্ত্ৰীয়ে কয়- পূৰ্বতে ড্ৰাগছ ধৰিলে ৯০ শতাংশ নোহোৱা হৈ যায়।যোৱা ২মাহত ২০-৩০শতাংশ ড্ৰাগছ জব্দ কৰিব পাৰিছোঁ।দুটা মাহত ৭০০কোটি টকা ড্ৰাগছ জব্দ কৰিছে আৰক্ষীয়ে।

আনহাতে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ আৰক্ষীক চিআৰপিচি ৰ  ভিতৰত থাকি সম্পূৰ্ন স্বাধীনতা দিয়া বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

উল্লেখ্য যে ড্ৰাগছ দাহ কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক প্ৰশান্ত ফুকন, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত।B

Your Comments