নিবনুৱাৰ বাবে ভাল খবৰ: ৰাজ্যত ১লাখ ৪৩টা পদত হ'ব সংস্থাপন- অজন্তা নেওগ

A

নিউজ ডেস্ক :

ৰাজ্যৰ শিক্ষিত নিবনুৱাৰ বাবে ভাল খবৰ।অসম বিধানসভাত ঘোষণা হোৱা বাজেটত এক লাখ শিক্ষিত নিবনুৱাক নিযুক্তি সন্দৰ্ভত বিশেষ ঘোষণা বিত্তমন্ত্ৰী অজন্তা নেওগৰ।ৰাজ্যৰ ৪৯টা বিভাগত পূৰণ কৰিব লগা নতুন পদৰ সংখ্যা ১ লাখ ৪৩ টা।

উল্লেখ্য  যে সৰ্বাধিক শিক্ষা বিভাগত  ২৮১৬২টা, গৃহ আৰু ৰাজনৈতিক বিভাগত ১৮,০৯৬টা, ১০টা নতুন বেটেলিয়নত ১০হাজাৰ, স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগত ৯৩৫৩টা, শক্তি বিভাগত ৫৭৬৯টা, পশুপালন আৰু পশুচিকিৎসা বিভাগত ৭১১৮টা,  পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ২১৩৭টাকে ধৰি মুঠ ৪৯টা বিভাগত পদ খালি হৈ আছে।

গুৰুত্বপূৰ্ণ কথা বিভিন্ন বিভাগত খালি বা নতুনকৈ সৃষ্টি হ'ব লগা উক্ত পদসমূহ পূৰণ কৰাৰ বাবে হিমন্ত চৰকাৰৰ বাজেটত উল্লেখ  কৰিছে।

শুকুৰবাৰে পঞ্চদশ অসম বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰে বাজেট।B

Your Comments