বক্র পথেৰে চাকৰি লৈ বৰ্খাস্ত হ'ল ৬জন কৰ্মচাৰী, পঢ়ি চাওঁক

A

নিউজ ডেস্ক :

ৰাজ্যত বক্র পথেৰে চাকৰি লৈ বৰ্খাস্ত হ'ল ৬ গৰাকী কৰ্মচাৰী। যোৰহাট চেনিজানস্থিত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠাৰ ৬ গৰাকী কৰ্মচাৰীক কৰা হৈছে নিলম্বন।কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশ মৰ্মে বৰ্খাস্ত কৰা হৈছে-ৰিমঝিম গগৈ, মুকুল গগৈ, নিলু বাল্মীকি, হেমন্ত গগৈ, মানস প্ৰতিম গগৈ আৰু ৰমেশ বৰা।

উল্লেখ্য যে, কিছুদিন পূৰ্বে তিনিগৰাকী মহিলা কৰ্মচাৰী বক্র পথেৰে নিযুক্তি লাভ কৰাৰ অভিযোগত বৰ্খাস্ত হৈছিল প্ৰতিষ্ঠানখনৰ পৰা।

গুৰুত্বপূৰ্ণ কথা ২০১৭ চনত নিযুক্তি লাভ কৰিছিল কৰ্মচাৰী কেইজনে।

Your Comments