জাগিৰোডৰ ধৰমতুলৰ কিডনী বিক্ৰী ঘটনাই অসমৰ গ্ৰাম্য জীৱনৰ দুৰৱস্থাৰ ছবিখন দাঙি ধৰিছে- ৰাইজৰ দল

A

নিউজ ডেস্ক :

দুমহীয়া চৰকাৰৰ বিফলতা স্পষ্ট কৈ প্ৰতিফলিত হৈছে।চৰকাৰৰ বিফলতাৰ পৰা জনতাক আঁতৰাই ৰখাৰ বাবে বিভিন্ন মন্তব্য প্ৰকাশ কৰি আহিছে।বিধায়ক অখিল গগৈক বিধানসভাত প্ৰতিৰোধ কৰিবলৈ চৰকাৰখন ব্যস্ত হৈ পৰিছে- এই গুৰুতৰ অভিযোগ ৰাইজৰ দলৰ।দলৰ নেতা ৰাছেল হুছেইনে সোমবাৰে সংবাদমেল সম্বোধন কৰি কয়- অসমৰ বাস্তৱ প্ৰতিচ্ছবি কিডনী বিক্ৰীৰে মাইক্র ফাইনেন্সৰ ঋণ পৰিশোধ কৰিব লগা পৰিস্থিতি হৈছে।মৰিগাঁৱৰ ধৰমতুলৰ কিডনী বিক্ৰী কৰা ঘটনাই অসমৰ গ্ৰাম্য জীৱনৰ প্ৰকৃত ছবিখন দাঙি ধৰিছে।যিয়ে মানৱ জীৱনক লজ্জিত কৰিছে।

যিসময়ত দৰিদ্ৰ লোকৰ চিকিৎসাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ আয়ুষ্মান ভাৰত আৰু ৰাজ্য চৰকাৰৰ অটল অমৃত আঁচনি থকাৰ পিছতো এইখন অসমতে পুত্ৰৰ চিকিৎসাৰ বাবে কিডনী বিক্ৰী কৰাটোৱে মানৱ সমাজক লজ্জিত কৰিছে- হুছেইনে কয়।

'দ্যা আসাম মাইক্ৰফাইনেন্স ইনষ্টিটিউটশ্যনচ এক্ট-২০২০ বিধানসভাত গৃহীত হৈ ৰাজ্যপালে স্বাক্ষৰ কৰাৰ পিছতো কিয় আজি পৰ্যন্ত কাৰ্যকৰী হোৱা নাই বুলিও হুছেইনে প্ৰশ্ন কৰে।

আইনখন কাৰ্যকৰী কৰা হ'লে দেহৰ অংগ বিক্ৰী কৰিব লগা পৰিস্থিতিৰ সৃষ্টি নহ'ল হেতেন বুলিও তেওঁ কয়।


মঠঘৰীয়া মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত কাৰ্যকৰী সভাপতি জিতুল ডেকা, অংকুৰ শইকীয়া উপস্থিত থাকে।

Your Comments