আন্তঃজিলা যাতায়ত কেতিয়া হ'ব মুকলি! মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা, পঢ়ক

A

নিউজ ডেস্ক :

ক'ৰনা সংক্ৰমণ প্ৰতিৰোধৰ বাবে বন্ধ হৈ আছে ৰাজ্যৰ আন্তঃজিলা যাতায়ত।প্ৰায় ডেৰ মাহ ধৰি বন্ধ হৈ থকা আন্তঃজিলা যাতায়ত শীঘ্ৰে  মুকলি কৰাৰ সম্ভাৱনা নাই।এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।৭খন জিলাৰ ক'ৰনাৰ আক্ৰান্ত হাৰ নিয়ন্ত্ৰণ নোহোৱালৈ আন্তঃজিলা যাতায়ত মুকলি কৰা কোনো সম্ভাৱনা নাই বুলি স্পষ্ট কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে।

ডিব্ৰুগড়, গোৱালপাৰা, যোৰহাট, শোণিতপুৰ, গোলাঘাট, বিশ্বনাথ, লখিমপুৰ জিলাত উদ্বেগজনক ভাৱে বৃদ্ধি হৈ আছে আক্রান্ত হাৰ।

উল্লেখ্য যে , অসমত ২৩০০ ক'ৰনাৰ আক্রান্তৰ ১৩০০আক্রান্ত হৈছে ৭খন জিলাৰ পৰা - শৰ্মাই কয়।

ইফালে ৭খন জিলাৰ আক্রান্ত হাৰ কি কাৰণত নিয়ন্ত্ৰণলৈ আনিব পৰা নাই সেই সন্দৰ্ভত দেওবাৰে জিলা উপায়ুক্ত আৰু আৰক্ষীৰ অধীক্ষক সকলৰ সৈতে বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত।

ভিডি'অ কনফাৰেন্সৰ জৰিয়তে মিলিত বৈঠকত জিলাকেইখনত আক্রান্ত হাৰ নিয়ন্ত্রণ কৰা বাবে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশনা জাৰি কৰিছে মুখ্যমন্ত্ৰীয়ে।

Your Comments