মেট্ৰিক-উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীলৈ ভাল খবৰ, পঢ়ি লওঁক

A

নিউজ ডেস্ক :

হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ভাল খবৰ।সংশোধন কৰা হ'ব মূল্যাংকন পদ্ধতিৰ আসোঁৱাহ।সকলো চাকৰিত প্ৰযোজ্য হ'ব মাৰ্কশ্বিট।

সদৌ অসম ছাত্ৰ-সন্থা, নিখিল বড়ো ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সৈতে মুখ্যমন্ত্ৰীৰ আলোচনা পাছত  মূল্যাংকন পদ্ধতিৰ ৫ নং দফা প্ৰত্যাহাৰৰ সিদ্ধান্ত লোৱা হৈছে।এই কথা অৱগত কৰিলে সদৌ অসম ছাত্ৰ সন্থাই।

ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব লগা চাৰ্টিফিকেট সকলো ক্ষেত্ৰতে প্ৰযোজ্য হ'ব।পূৰ্বৰ চাৰ্টিফিকেটৰ সৈতে সম্পূণ একেই হ'ব।

ইফালে শীর্ষস্থান নাথাকে কিন্তু ষ্টাৰ আৰু ডিষ্টিংচন থাকিব।এই কথা অৱগত কৰে আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

Your Comments