বুধবাৰৰ পৰা ৰাজ্যত নতুন ক'ভিড নিৰ্দেশনা, ডিব্ৰুগড়-শিৱসাগৰ জিলাত তীক্ষ্ণ নজৰ, কামৰূপ(ম) বাসিন্দালৈ কি আহ্বান পঢ়ি লওঁক

A

নিউজ ডেস্ক :

ক'ৰনা প্ৰতিৰোধৰ নতুন নিৰ্দেশনা জাৰি ৰাজ্য চৰকাৰৰ।শেহতীয়াকৈ ৰাজ্যৰ ক'ভিড পৰিস্থিতিৰ পৰ্যবেক্ষণ মৰ্মে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সংবাদমেল যোগে ঘোষণা কৰিছে এই কথা।তিনিটা ভাগত বিভক্ত কৰি জাৰি কৰা হৈছে নতুন নিৰ্দেশনা।

৭খন জিলাত এসপ্তাহৰ বাবে সম্পূৰ্ণ  লকডাউন।মৰিগাঁও, গোৱালপাৰা, গোলাঘাট, যোৰহাট,  শোণিতপুৰ, বিশ্বনাথ, উত্তৰ লখিমপুৰ জিলাত আগন্তক সপ্তাহ সম্পূৰ্ন কন্টেইনমেণ্ট জ'ন ঘোষণা।উল্লেখ্য  সময়চোৱাত জিলা কেইখনত অত্যাৱশ্যকীয় সেৱা, গ্ৰ'ছাৰি বিয়লি ৫ বজালৈ মুকলি থাকিব।

শিৱসাগৰ, ডিব্ৰুগড়, কোকৰাঝাৰ, বৰপেটা, নলবাৰী, বাক্সা, বজালী, কামৰূপ, দৰং, নগাঁও, তিনিচুকীয়া হোজাই, ধেমাজি, কৰিমগঞ্জ, কাছাৰ, কাৰ্বি আংলং জিলাত দিনৰ ২বজাৰ পৰা সান্ধ্য আইন জাৰি হ'ব।১বজালৈকে দোকান- পোহৰ মুকলি কৰিব পাৰিব।উল্লেখ্য যে  শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাত শেহতীয়াকৈ আক্রান্তৰ সংখ্যা বৃদ্ধিৰ বাবে সম্পূৰ্ণ  চোকা নজৰ ৰখা হ'ব বুলিও মন্ত্ৰী গৰাকীয়ে কয়।


ধুবুৰী, কামৰূপ(ম), চৰাইদেউ, দক্ষিণ শালমৰা, মাজুলী, চিৰাং, বঙাইগাঁও,ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, হাইলাকান্দি জিলাত ক'ভিড আক্রান্ত হ্ৰাস পাইছে।আবেলি ৪ বজালৈ দোকান-পোহাৰ খোলাৰ বিপৰীতে সন্ধিয়া ৫বজাৰ পৰা পুৱা ৫বজালৈ সান্ধ্য আইন জাৰি হ'ব উক্ত জিলাকেইখনত।

ইফালে, কামৰূপ মহানগৰবাসীলৈ আহ্বান জনাই স্বাস্থ্যমন্ত্ৰীয়ে কয়- জিলাবাসীয়ে নিজক নিয়ন্ত্ৰণ কৰি জিলাখনক সুৰক্ষিত কৰক।কাৰণ আক্রান্তৰ হাৰ বৃদ্ধি পাইছে কামৰূপ মহানগৰত।অন্যথা কঠোৰ নীতি- নিয়মৰ মাজলৈ যাব লাগিব।


পূৰ্ব বিধি ব্যৱস্থা সম্পূৰ্ণ একেই আছে।আন্তঃজিলা যাতায়ত বন্ধ থাকিব।

শিক্ষানুষ্ঠান, ইনষ্টিটিউট বন্ধ থাকিব।গৰ্ভৱতী মহিলা কৰ্মচাৰী, ৫বছৰৰ  তলৰ সন্তানৰ মাতৃ কৰ্মচাৰী, প্ৰতিবন্ধী সকলে ঘৰৰ পৰাই কাম কৰাৰ আহ্বান।

সকলো ধৰণৰ জন-সমাৱেশ বন্ধ। বিয়া অনুষ্ঠানত ১০ জন উপস্থিত থাকিব পাৰিব।

উল্লেখ্য যে, যোৱা ১০দিনৰ শেহতীয়া তথ্যৰ ভিত্তিত নতুন নিৰ্দেশনা জাৰি কৰা বুলি কয় স্বাস্থ্যমন্ত্ৰীয়ে।

জিলা উপায়ুক্তক অধিক সংক্ৰমণ হোৱা অঞ্চলত কন্টেইনমেণ্ট জ'ন ঘোষণা কৰাৰো নিৰ্দেশ প্ৰদান কৰা হৈছে নতুন নিৰ্দেশনাত।

বুধবাৰৰ পৰা নতুন নিৰ্দেশনা প্ৰযোজ্য হ'ব।B

Your Comments