সুস্হ হৈ পুনৰ চাকৰিত যোগদান ডাঃ সেউজ কুমাৰ সেনাপতিৰ

A

নিউজ ডেস্ক :

হোজাইৰ উদালিত ক'ভিড-১৯ৰ চিকিৎসাত জড়িত থকা অৱস্থাত দুৰ্বৃত্তৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হোৱা চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতিয়ে পুনৰ যোগদান কৰিলে চাকৰিত।  ডাঃ সেনাপতিৰ নতুন ঠিকনা হ'ল নগাঁও বেবেজীয়াৰ পূব হাতীচোং ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ।

উল্লেখ্য  যে, এমাহজোৰা চিকিৎসাৰ অন্তত সুস্থ হৈ সেনাপতিয়ে পুনৰ নিজৰ কৰ্তব্যত যোগদান কৰিছে।

গুৰুত্বপূৰ্ণ কথা দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হোৱা চিকিৎসক গৰাকীয়ে সুস্থ হৈ নিজৰ ইচ্ছামতে পছন্দৰ ঠাইত যোগদান কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল।তাৰ পাছতে চিকিৎসক গৰাকীয়ে উক্ত চিকিৎসালয়খন বাছনি কৰিছে। 

তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা এমবিবিএছ পাঠ্যক্ৰম সম্পূৰ্ণ কৰি হোজাই জিলাৰ ফুলতলী আদৰ্শ চিকিৎসালয়ত চিকিৎসক হিচাপে কৰ্মজীৱন আৰম্ভ কৰাৰ দ্বিতীয় দিনটোতেই দুৰ্বৃত্তৰ পাশৱিক আক্ৰমণৰ বলি হৈছিল  চিকিৎসক গৰাকী।

Your Comments