শিক্ষামন্ত্ৰীৰে বৈঠক যুৱ-ছাত্ৰ পৰিষদৰ:ছেপ্টেম্বৰত বিশেষ পৰীক্ষা অনুষ্ঠিত কৰা আহ্বান

A

নিউজ ডেস্ক:

হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষৰ পৰীক্ষাৰ মূল্যাংকনৰ বিসংগতিৰ  পূৰ্ণ দফা সংশোধন তথা বাতিল কৰাৰ দাবীত ছাত্ৰ-ছাত্ৰী, বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে দেওবাৰে শিক্ষামন্ত্ৰী ৰনোজ পেগুক সাক্ষাৎ কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নেতৃত্বই।শিক্ষামন্ত্ৰীৰ আহ্বান মৰ্মে পৰিষদে জনতা ভৱনত বিসংগতি পূৰ্ণ দফা সন্দৰ্ভত আলোচনা কৰে পেগুৰ সৈতে।

পৰিষদৰ সভাপতি ৰানা প্ৰতাপ বৰুৱাৰ নেতৃত্বত সজাতি দলে শিক্ষামন্ত্ৰীৰে মিলিত হয় বৈঠকত।

বৈঠকত অংশগ্ৰহণ কৰি পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই কয় যে-- ছাত্ৰ-ছাত্ৰী সকলক চাপমুক্ত কৰিব লাগে।বিশেষ মাৰ্কছিট টেটৰ পৰা আৰম্ভ কৰি সকলোতে গ্ৰহণ যোগ্য হ'ব লাগিব।মূল্যাংকন ব্যৱস্থা  তথ্য ভিত্তিত হ'ব লাগিব।

"ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত বিশেষ পৰীক্ষা অনুষ্ঠিত কৰিলে ভাল।যদি পৰীক্ষা অনুষ্ঠিত নকৰে তেন্তে যি মাৰ্কছিট প্ৰদান কৰিব সেইখন সকলো ক্ষেত্ৰতে প্ৰযোজ্য হ'ব লাগিব বুলি স্পষ্ট কৰি দিয়ে সংগঠনটোৱে"।

Your Comments