কা’ শ্বহীদ চেমৰ ন্যায়িক যুঁজ , মাতৃৰ চিকিৎসাৰ সমগ্ৰ ব্যয়ৰ দ্বায়িত্ব ল’লে বিধায়ক অখিল গগৈয়ে

A

নিউজ ডেস্ক :

নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা' আন্দোলনৰ প্ৰথম শ্বহীদ চেম ষ্টেফৰ্ডৰ ন্যায়িক যুঁজলৈ প্ৰয়োজন হোৱা ধনৰাশি বহন কৰিব অখিল গগৈয়ে।শিৱসাগৰ সমষ্টি বিধায়ক অখিল কাৰামুক্ত হৈয়ে চেমৰ ঘৰত উপস্থিত হৈ ঘোষণা কৰে এই কথা।

কাৰামুক্ত হৈয়ে হাটীগাঁওস্থিত চেম ষ্টেফৰ্ডৰ ঘৰত উপস্থিত হৈ কা' শ্বহীদ চেমৰ ফটো বুকুত লৈ আবেগিক হৈ পৰে।বিধায়ক হিচাপে দৰমহা যিহেতু পোৱা নাই পত্নীৰ পৰা টকা ধাৰ লৈ চেমৰ পৰিয়ালক সামান্য কিবা এটা সহায় কৰিছোঁ- গগৈয়ে এইদৰে কয়।

চেমৰ পিতৃক সাৱটি ধৰে কাৰামুক্ত গগৈয়ে।ইফালে চেমৰ ৰুগীয়া মাতৃৰ চিকিৎসাৰ সমগ্ৰ ব্যয় বিধায়ক গগৈয়ে বহন কৰিব বুলিও ঘোষণা কৰে।

Your Comments