মেট্ৰিক-হাই মাদ্ৰাছা মূল্যাংকন পদ্ধতি ৰাজহুৱা :শীৰ্ষ স্হান , ষ্টাৰ , ডিষ্টিংচন নাথাকিব

A

নিউজ ডেস্ক:
ক'ৰনা বিভীষিকাৰ বাবে বাতিল হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ৩১ জুলাইৰ ভিতৰত ফলাফল ঘোষণা হ’ব।শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে সংবাদমেল যোগে ঘোষণা কৰিছে এই কথা।

ডঃ অলক বুঢ়াগোহাঁই কমিটিয়ে প্ৰস্তুত কৰা ফলাফল মূল্যাংকন পদ্ধতিতে ছাত্ৰ-ছাত্ৰীৰ মূল্যাংকন কৰা হ’ব বুলি উল্লেখ কৰি ছেবা কাৰ্যালয়ত মূল্যাংকনৰ পদ্ধতি ৰাজহুৱা কৰে শিক্ষামন্ত্ৰী পেগুৱে।

কমিটি প্ৰতিবেদন অনুসৰি নৱম শ্রেণী পৰা লোৱা হব ৪০ শতাংশ নম্বৰ।দশম শ্রেণী পৰা লোৱা হব ৪০শতাংশ।ইয়াৰ উপৰিও ছাত্ৰ- ছাত্ৰীৰ উপস্থিতি, নিয়মানুৱৰ্তীতাৰ পৰা থাকিব ২০শতাংশ নম্বৰ।

আনহাতে, যিসমূহ বিদ্যালয়ত দশম শ্রেণী পৰীক্ষা অনুষ্ঠিত হোৱা নাই তেনে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ৭০শতাংশ নম্বৰ যোগ হ’ব নৱম শ্রেণীৰ পৰীক্ষাৰ পৰা।বাকী ৩০ শতাংশ নম্বৰ শিক্ষকে নিৰূপণ কৰিব।

ইয়াৰ উপৰিও দিব্যাংগ ছাত্ৰ-ছাত্ৰীৰ মূল্যায়ণ কৰিব বিদ্যালয়ে।

গুৰুত্বপূৰ্ণ কথা যে ফলাফলত পূৰ্বৰ দৰে নাথাকিব শীর্ষস্থান, ষ্টাৰ, ডিষ্টিংছন।

উল্লেখ্য যে, শিক্ষা বিভাগে গঠন কৰি দিয়া অধ্যক্ষ বুঢ়াগোহাঁইৰ কমিটিয়ে মূল্যাংকনৰ এই পদ্ধতিৰ পৰামৰ্শ দিছিল ছেবা তথা শিক্ষা বিভাগক।

Your Comments