নিৰ্ভীক সাহসী সাংবাদিক তথা মানৱ অধিকাৰ কর্মী পৰাগ কুমাৰ দাসৰ আজি ২৫ সংখ্যক মৃত্যু দিৱস। ১৯৯৬চনৰ ১৭মে'ৰ পুৱা গুৱাহাটীৰ ৰাজপথত আতটায়ীৰ গুলিত মৃত্যুক আঁকোৱালি লৈছিল নিৰ্ভীক বলিষ্ঠ সাংবাদিক গৰাকীয়ে।
ক'ৰ’না মহামাৰী আতংকৰ মাজতে প্ৰতিবছৰৰ দৰে আজিও গুৱাহাটী ৰাজগড়স্থিত সাংবাদিক গৰাকীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে পৰিয়াল তথা শুভাকাংক্ষীয়ে।
প্ৰয়াত দাসৰ পত্নী ৰীতা দাস, পুত্ৰ, ভাতৃ তথা সতীৰ্থ সাংবাদিক মনোৰম গগৈয়ে শ্ৰদ্ধাঞ্জলি জনায় ৷
গুৰুত্বপূৰ্ণ কথা যে দিনৰ পোহৰতে ৰাজপথত শূণ্য দূৰত্বৰ পৰা সাংবাদিক গৰাকীক হত্যা কৰা দোষী আজিও চিনাক্ত নহ’ল।
- Log in to post comments
- 15 views