"ক'ৰ'নাৰ ঘাটক ক্ষমতা পূৰ্বতকৈ শক্তিশালী:গুৱাহাটী,ডিব্ৰুগড়,তিনিচুকীয়াত লকডাউনৰ সম্ভাৱনা"-মুখ্যমন্ত্ৰী ডঃ শৰ্মা

HBS

গুৱাহাটী, ডিব্ৰুগড়, তিনিচুকীয়াত ক'ৰ'না পৰিৱেশে অধিক জটিললৈ গতি কৰিছে।আগন্তক ৭দিনত যদি পৰিৱেশ উন্নত নহয়, তেন্তে কঠোৰ হ'ব ক'ভিড নিৰ্দেশনা।উদ্বেগেৰে এই কথা প্ৰকাশ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

জিএমচিএইচত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- 'সমগ্ৰ অসমতে লকডাউনৰ সম্ভাৱনা নাই।কিন্তু গুৱাহাটী, তিনিচুকীয়া, ডিব্ৰুগড়ত পৰিৱেশ বেয়া হৈছে।ইয়াতকৈ কঠোৰ হ'ব বাধ্য-বাধকতা।'

"ক'ৰ'নাই ৰূপ সলাইছে।পূৰ্বৰ ঘাটক ক্ষমতাতকৈ বৃদ্ধি পাইছে এইবাৰ ঘাটক ক্ষমতা।যাৰ বাবে মৃত্যু হাৰ বৃদ্ধি পাইছে"-মুখ্যমন্ত্ৰীয়ে কয়।

ডঃ শৰ্মাই উল্লেখ কৰে যে পূৰ্বৰ দৰে কোৱাৰেণ্টাইন হৈ থকা দৰিদ্ৰ পৰিয়ালক দুহাজাৰ টকাকৈ আৰ্থিক সাহাৰ্য প্ৰদান কৰা হব।সোমবাৰৰ পৰা প্ৰক্ৰিয়া আৰম্ভ হ'ব।

আনহাতে,১৭মে'ৰ পৰা গুৱাহাটীত চিনাক্ত ৫০ বছৰৰ ঊৰ্ধৰ ক'ভিড আক্রান্ত কভিড কেয়াৰ চেণ্টাৰ বা চিকিৎসালয়ত থাকিব লাগিব।যদি ঘৰত সুকীয়া কোঠা আৰু লেট্ৰিন-বাাথৰূম নাথাকে।কাৰণ বৰ্তমানলৈ জিএমচিএইচত মৃত্যু হোৱা ১৮০ জন ৰোগীৰ ভিতৰত আক্রান্ত ৫০ শতাংশ ৫০বছৰ ঊৰ্ধৰ ব্যক্তি।তাৰ বাবে কঠোৰ হব লাগিব বুলি।মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।

গুৱাহাটী মহানগৰীত ১৭ মে'ৰ পৰা ২০হাজাৰকৈ দৈনিক ক'ভিড টেষ্ট কৰা হ'ব।

চাহ বাগিচাৰ ক'ভিড নিয়ন্ত্ৰণৰ বাবে সুকীয়া এছঅ'পি শনিবাৰে প্ৰকাশ পাব।সংবাদমেল যোগে এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে।

Your Comments