শিক্ষা বিভাগৰ ঘোষণা: জুলাইৰ পৰিৱৰ্তে ১৫মে'ৰপৰা ১৪জুনলৈ ৰাজ্যত গৰম বন্ধ, পঢ়ি জানি লওঁক

Educational institutions

ৰাজ্যৰ শিক্ষা বিভাগে ঘোষণা কৰিলে গৰম বন্ধৰ দিন।জুলাইৰ পৰিৱৰ্তে ১৫মে'ৰ পৰাই ৰাজ্যত আৰম্ভ হ’ব গৰম বন্ধ। ১৪জুন পৰ্যন্ত হ'ব গৰম বন্ধ। উল্লেখ্য যে, ছাত্ৰ-ছাত্ৰীৰ শিক্ষাবৰ্ষ ক্ষতি নহ’বলৈ এই সিদ্ধান্ত শিক্ষা বিভাগৰ। জাননীৰ জৰিয়তে এই কথা ঘোষণা কৰে শিক্ষা বিভাগে।

Notice

নিৰ্দেশনা অনুসৰি, প্ৰাথমিক , মাধ্যমিক, উচ্চতৰ মাধ্যমিকৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব এই নিয়ম। অৰ্থাৎ প্ৰথমশ্রেণীৰ পৰা দ্বাদশশ্রেণীলৈকে ঘোষণা কৰা হৈছে গৰমবন্ধ।

উল্লেখ যোগ্য যে, শৈক্ষিক বৰ্ষৰ কেলেণ্ডাৰ অনুসৰি ১জুলাইৰপৰা ৩১ জুলাইলৈকে আছিল গৰমবন্ধ।

উল্লেখনীয় বিষয় যে, ক'ভিডৰ বাবে ৰাজ্যত অনিৰ্দিষ্ট কালৰ বাবে বন্ধ হৈ আছে শিক্ষানুষ্ঠান সমূহ।

Your Comments