ক'ৰ'নাৰ দ্ৰুত বৃদ্ধিত উদ্বিগ্ন ৰাজ্য চৰকাৰ। ক'ৰ’না প্ৰতিৰোধৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰিলে ৰাজ্য চৰকাৰে। ১৩মে'ৰপৰা প্ৰযোজ্য হোৱাকৈ মুখ্য সচিব জিষ্ণু বৰুৱা, অসম আৰক্ষী সঞ্চালক প্রধান ভাস্কৰ জ্যোতি মহন্তৰ উপস্থিতিত ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ সচিব অবিনাশ যোশীয়ে ঘোষণা কৰিলে নতুন নীতি-নিৰ্দেশনাসমূহ।
জাৰি কৰা কঠোৰ নিৰ্দেশনা সমূহ হৈছে-চহৰ অঞ্চল আৰু চহৰ নগৰ সমিতিৰ সীমাৰ পৰা ৫কিঃমিঃৰলৈ সকলো দোকান-পোহাৰ দিনৰ ১ বজাত বন্ধ হ’ব। দুপৰীয়া২ বজাৰপৰা পুৱা ৫ বজালৈ অঞ্চলসমূহত চলা-ফুৰাত থাকিব বাধা।
গ্রাম্য অঞ্চলত দিনৰ ২বজালৈ দোকান পোহাৰ মুকলি থাকিব। সন্ধিয়া ৬ বজাৰ পৰা ৫ বজালৈ ৰাজহুৱা স্থানত চলা ফুৰাত বাধা।
ৰেষ্টুৰেণ্ট, ধাবা, ভোজনালয়ত দিনৰ ১বজালৈ বাহিৰৰ অতিথিয়ে চৌহদৰ ভিতৰত সেৱা গ্ৰহণ কৰিব পাৰিব।হোটেল আৱাসিক দিনৰ ১ বজাৰ পিছত নিজৰ কোঠাত খাদ্য যোগান ধৰিব লাগিব।
সাপ্তাহিক বজাৰ/হাট অহা ১৫ দিনলৈ সম্পূৰ্ণ বন্ধ থাকিব।
ৰাজ্যৰ চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয় অহা ১৫দিনৰ বাবে বন্ধ থাকিব। চৰকাৰী বিভাগত কেৱল উপ-সচিব, উচ্চ পৰ্যায়ৰ বিষয়া আৰু জৰুৰীকালীন সেৱাৰ লগত জড়িত কৰ্মচাৰী উপস্থিত থাকিব। কাৰ্যালয় সমূহ ১ বজালৈ খোলা থাকিব।
কোনো অঞ্চলত ক'ভিড আক্রান্তা সংখ্যা টেষ্টৰ ৫শতাংশ হ’লে উক্ত অঞ্চলসমূহত জিলা প্ৰশাসনে কণ্টেইনমেণ্ট জন ঘোষণা কৰিব।
বিবাহ অনুষ্ঠান ঘৰৰ ভিতৰত ১০ জনৰ উপস্থিতিত সম্পন্ন কৰিব পাৰিব। একেদৰে শেষকৃত্যত ১০ জন উপস্থিত থাকিব পাৰিব।
সকলো ধৰ্মীয় অনুষ্ঠান অহা ১৫ দিনলৈ বন্ধ থাকিব। মূল পুৰোহিত বা মৌলবীয়ে আহি নূন্যতম ধৰ্মীয় কৰ্ম সমূহ সম্পন্ন কৰিব।
ৰাজহুৱা পৰিবহন ব্যৱস্থাত মুঠ আসনৰ ৩০ শতাংশ যাত্ৰী নিব পাৰিব।
অটোৰিক্সা, চাইকেল ৰিক্সা, টেক্সিত এজন চালক আৰু দুজন যাত্ৰীহে যাব পাৰিব।
দুচকীয়া বাহনত মাত্ৰ এজন যাব পাৰিব। শিশু আৰু মহিলাৰ ক্ষেত্ৰত এই বাধা প্ৰযোজ্য নহ’ব।
চৰকাৰী বাহন, জৰুৰীকালীন চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা ব্যক্তিগত বাহনৰ বাহিৰে অন্য বাহন সমূহ যুগ্ম-অযুগ্ম নম্বৰৰ ভিত্তিত চলাচল কৰিব। তাৰ বাবে জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগে নিৰ্দেশ জাৰি কৰিব।
উল্লেখ্য যে বিয়লি ২বজাৰ পৰা পুৱা ৫ বজালৈ ৰাজহুৱা স্থানত চলাচল কৰাত থাকিব বাধা।জৰুৰীকালীন আৰু অত্যাৱশ্যকীয় সেৱাৰ লগত জড়িত সকলৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় এই নিয়ম।
গুৰুত্বপূৰ্ণ যে, এই নিৰ্দেশনাৱলীয়ে সামৰি নোলোৱা অঞ্চল বা বিষয় সমূহত পূৰ্বতে জাৰি কৰা নিৰ্দেশনা বাহাল থাকিব বুলি যোশীয়ে কয়।
জনতা ভৱনত সংবাদমেলৰ জৰিয়তে ঘোষণা কৰে এই নিৰ্দেশনা সমূহ।
তাৎপৰ্যপূৰ্ণ কথা, ৰাজ্যত শেহতীয়া ভাৱে দ্ৰুত গতিত বৃদ্ধি হৈছে ক'ভিড আক্রান্তৰ সংখ্যা। মঙ্গলবাৰ দিনটোত ৬ হাজাৰৰ ঘৰ অতিক্ৰম কৰিছে আক্রান্তৰ সংখ্যাই।
- Log in to post comments
- 29 views