অসমীয়া সাহিত্য জগতৰ বাবে অপুৰণীয় ক্ষতি।অসমবাসীক কন্দুৱাই বিদায় ল'লে বিশিষ্ট সাহিত্যিক,চিন্তাবিদ,সাংবাদিক, হোমেন বৰগোহাঞি।মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৯বছৰ। গুৱাহাটীৰ জিএনআৰচিত পুৱা ৬.৫৮ বজাত শেষনিশ্বাস ত্যাগ কৰে সাহিত্যকগৰাকীয়ে। উল্লেখ যে কিছুদিন পূৰ্বে ক'ৰ'না আক্ৰান্ত হৈছিল সাহিত্যকগৰাকী। জিএমচিএইচত চিকিৎসা গ্ৰহণ কৰি ক'ৰ'নাক পৰাস্ত কৰি ঘৰলৈ উভতিছিল বৰগোহাঞি।কিন্তু বুধবাৰে পুৱা ৬.২০ বজাত পোষ্ট ক'ভিডৰ জটিলতাৰ বাবে জিএনআৰচি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।
১৯৩২ চনৰ ৭ ডিচেম্বৰত ঢকুৱাখনাত জন্ম হৈছিল বৰগোহাঞিৰ।'সাউদৰ পুতেকে নাও মেলি যায়','হালধীয়া চৰাইয়ে বাওঁ ধান খায়','অস্তৰাগ','পিতা-পুত্ৰ','মৎস্যাগন্ধা'ৰ দৰে উপন্যাস ৰচনাৰে তেওঁ অসমীয়া সাহিত্যক চহকী কৰি থৈ গৈছে।'পিতা-পুত্ৰ' উপন্যাসৰ বাবে ১৯৭৮ চনত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হৈছিল বৰগোহাঞি।ইয়াৰ উপৰিও অসম সাহিত্য উপত্যকা বঁটা,অসম সাহিত্য সভাৰ নীলমণি ফুকন বঁটা,শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰিছিল। অসম সাহিত্য সভাৰ সভাপতিৰ আসনো অলংকৃত কৰিছিল বিশিষ্ট সাহিত্যিকগৰাকীয়ে।
অসমৰ সংবাদ জগতলৈও তেওঁ আছিল বিশেষ অৱদান।আমাৰ অসম,অসম বাণী,নীলাচল,নিয়মীয়া বাৰ্তাৰ দৰে কাকতৰ সম্পাদক-মুখ্য সম্পাদক হিচাপে গুৰুদায়িত্ব বহন কৰিছিল।সাহিত্যকগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
- Log in to post comments
- 49 views