ৰাজ্যত বৃদ্ধি পাইছে ক’ৰ’না সংক্ৰমণ। তাৰ সমান্তৰালভাৱে বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যাও ৷ যোৱা ২৪ ঘণ্টাত ৫০ গৰাকীৰো অধিক ক’ৰ’না ৰোগীৰ মৃত্যু হোৱাৰ লগতে ৬৫,১৪০ গৰাকী লোকৰ ক'ভিড পৰীক্ষা কৰাৰ অন্তত ৫,৭৫৬ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে। শনিবাৰে সন্ধিয়া স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই তথ্য টুইটাৰ যোগে প্ৰকাশ কৰে ।
উক্ত টুইটত শৰ্মাই প্ৰকাশ কৰা অনুসৰি ৰাজ্যত ক'ভিডত আক্ৰান্তৰ হাৰ ৮.৮৪ শতাংশ আৰু সুস্থ হোৱাৰ হাৰ ৮৬.২৪ শতাংশ।
উল্লেখ্য যে, যোৱা ২৪ ঘণ্টাত গুৱাহাটীত ধৰা পৰিছে ১,৫৪৩ গৰাকী লোকৰ শৰীৰত ক'ভিড-১৯ৰ অৱস্থিতি ৷
আনহাতে, সমগ্ৰ দেশত যোৱা ২৪ ঘণ্টাত ৪ লাখ লোক ক’ৰ’নাত আক্ৰান্ত হৈছে। ফলত দেশত ক’ৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ২.১৮ কোটিলৈ। এই সকলৰ ভিতৰত ৩৭ লাখ ক’ৰ’নাত আক্ৰান্ত লোক চিকিৎসাধীন হোৱাৰ বিপৰীতে ১.৭৯ কোটি লোক ক’ৰ’না মুক্ত হৈ ঘৰলৈ ঘুৰিছে।
- Log in to post comments
- 8 views