নৃগোষ্ঠীয় লোককৃষ্টিৰ পৰশত নান্দনিক হৈ উঠিল চানডুবি উৎসৱ

Pic

*আজিৰে পৰা চানডুবি উৎসৱ*

#নুৰুল ইছলাম,চানডুবি:

ৰাজ্যৰ প্ৰধান পৰ্যটন ক্ষেত্ৰসমূহৰ ভিতৰত ঐতিহাসিক চানডুবি বিল অন্যতম ৷ কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ ৰাজাপাৰাত অৱস্থিত প্ৰাকৃতিক প্ৰাচুৰ্য্যৰে পৰিপুষ্ট বিলখনৰ বৈচিত্ৰ্যপূৰ্ণ শোভা উপভোগৰ বাবে আগমন হোৱা হাজাৰ হাজাৰ প্ৰকৃতিপ্ৰেমীৰ উপস্থিতিত নৱবৰ্ষৰ পহিলা দিনটো জন অৰণ্যত পৰিণত হোৱা পৰিলক্ষিত হয় ৷ ইফালে,মনোৰম ক্ষেত্ৰখনক বিশ্বৰ ভিতৰত অন্যতম পৰ্যটন ক্ষেত্ৰ হিচাবে গঢ়ি তোলাৰ প্ৰয়াসেৰে চানডুবিৰ পাৰৰ সেউজ উপত্যকাত প্ৰতিবছৰে অনুষ্ঠিত হৈ আহিছে চানডুবি উৎসৱ ৷ এইবেলিও চানডুবি উৎসৱ উদযাপন সমিতিয়ে চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা একাদশ বাৰ্ষিক উক্ত উৎসৱৰ ১ জানুৱাৰীত প্ৰথম দিনৰ কাৰ্যসূচীত পুৱা পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি কমলেশ্বৰ ৰাভাই ৷ তদুপৰি অতিথিশালা 'ডগৰবুৰা’ৰ দ্বাৰ মুকলি কৰে ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্যা ৰশ্মি ৰাভাই ৷ ইফালে, প্ৰদৰ্শনস্থলী 'লাঙাবুৰা’ৰ দ্বাৰ মুকলি কৰি ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ চানডুবি পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য নৃপেন চন্দ্ৰ ৰাভাই নিজ বক্তব্যত কয়-"বৰ্তমান যান্ত্ৰিকতাৰ পৃথিৱীখনত মানৱজাতিক মোহাচ্ছন্ন কৰি ৰাখিছে প্ৰকৃতিয়ে।তেনেক্ষেত্ৰত প্ৰকৃতিপ্ৰেমীসকলৰ প্ৰশান্তিৰ বাবে চানডুবিৰ জৈৱ বৈচিত্ৰ্য অতুলনীয়৷" ইফালে,কেন্দ্ৰীয় 'আৰছু' নেতা দেৱজিৎ নাফাই তেওঁৰ বক্তব্যত চানডুবি উৎসৱৰ জৰিয়তে গ্ৰাম্য পৰ্যটনৰ বাট মুকলি হোৱা বুলি কয়।আনকি,থলুৱা লোককৃষ্টি তথা জাতীয় পৰম্পৰাৰ প্ৰদৰ্শনৰ প্ৰয়াস আশাব্যঞ্জক সাংস্কৃতিৰ উত্তৰণৰ উপৰি আৰ্থসামাজিক দিশতো আশানুৰূপ প্ৰভাৱ পেলাব বুলি উল্লেখ কৰে নাফাই।আনহাতে, উৎসৱথলীৰ ’চানডুবি ডেৰা’ ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই মুকলি কৰাৰ উপৰি থলুৱা-খেল ধেমালিৰ প্ৰদৰ্শনী শুভাৰম্ভ কৰে দিলীপ কুমাৰ ৰাভাই ৷ তদুপৰি, উক্ত উৎসৱৰ স’তে সংগতি ৰাখি সত্যজিত ৰাভাৰ সম্পাদনাৰে প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ 'লকেয়া’ উন্মোচন কৰে ড° মলিনা দেৱী ৰাভাই।আনহাতে,আজি নৱবৰ্ষৰ পহিলা দিনটোত প্ৰকৃতিপ্ৰেমী দৰ্শনাৰ্থীৰ উপস্থিতিত চিৰ সেউজ পৰিৱেশৰ মাজত অনুষ্ঠিত হোৱা উৎসৱত অসমীয়া জাতীয় জীৱনৰ স’তে সংপৃক্ত বিভিন্ন আপুৰুগীয়া শিল্পকৰ্ম তথা থলুৱা পৰম্পৰাগত খাদ্য ব্যঞ্জনৰ সমাহাৰে সকলোকে আকৰ্ষিত কৰে।ইফালে,উৎসৱৰ কাৰ্যসূচীত ৰাভা,বড়োকে ধৰি বৰ্ণিল কলাকৃষ্টিৰ প্ৰদৰ্শনত অনুপম ক্ষেত্ৰখন উমাল হৈ পৰে।

Your Comments