সৰ্বানন্দ সোণোৱাল চৰকাৰে গাদী দখল কৰাৰ পিছতেই ২০১৬ চনত বান সমস্যাৰ চিৰকালীন সমাধান বিচাৰি ঘোষণা কৰিছিল ব্ৰহ্মপুত্ৰ খননৰ পৰিকল্পনা। কেৱল খননেই নহয়, ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰে এক্সপ্ৰেছ হাইৱে’ নিৰ্মাণ কৰাৰ কথাও ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু পৰৱৰ্তী সময়ত ২০১৯ চনত কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰণালয়ে এই কাৰ্য বিজ্ঞানসন্মত নহয় বুলি কৈছিল। কিন্তু ২০২১ চনৰ ৩১ জানুৱাৰীৰ ভিতৰত প্ৰায় ১৩ কোটি টকা মূল্যৰ খনন যন্ত্ৰ (Dredger) মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা অসম পাবহি। ৩০ ডিচেম্বৰত বিধান সভাত বিধায়ক ৰেকিবুদ্দিন আহমেদৰ এক প্ৰশ্নৰ উত্তৰ দি জল সম্পদ বিভাগৰ বিভাগীয় মন্ত্ৰীয়ে এই তথ্য সদৰী কৰে। ইতিমধ্যে M/S Cleantec Infra Private Limited নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানক আন্তৰ্জাতিক নিবিদাৰ পাছত খনন যন্ত্ৰ ক্ৰয়ৰ দায়িত্ব দিয়া হৈছে। প্ৰতিষ্ঠানটোক অসম চৰকাৰে ইতিমধ্যে ১২ কোটি টকা হস্তান্তৰ কৰিছে। ব্যক্তিগত প্ৰতিষ্ঠানটোৱে এটা খনন যন্ত্ৰৰে মূল্য ১৩ কোটি নিৰ্ধাৰিত কৰিছে। উত্তৰটোৰ মতে, অসম চৰকাৰে ২০১৭ চনৰ ফেব্ৰুৱাৰী মাহত ব্ৰহ্মপুত্ৰৰ ওপৰত খননৰ সঠিক কৌশল নিৰ্ণয়ৰ বাবে ড০ দুলাল চন্দ্ৰ গোস্বামীৰ নেতৃত্বত এখন কমিটী গঠন কৰি দিছিল। কমিটীখনে ২০১৭ চনৰ আগষ্ট মাহত চৰকাৰ হাতত প্ৰতিবেদন দাখিল কৰে। কমিটীখনে প্ৰয়োজন সাপেক্ষে নদীৰ গতিপথত সৃষ্টি হোৱা গেদ নিষ্কাশন কৰি নদীৰ গতিপথ সুচল কৰিবলৈ খননৰ পোষকতা কৰিছিল। কমিটীৰ পৰামৰ্শ অনুসৰি ৰাজ্য চৰকাৰে ব্ৰহ্মপুত্ৰ, বৰাক আৰু ইয়াৰ উপনৈসমূহ খনন কৰিবলৈ ২০১৭-১৮ বিত্তীয় বর্ষতে জল সম্পদ বিভাগৰ যোগেদি ১৮ কোটি টকা খনন যন্ত্ৰ ক্ৰয় কৰিবলৈ ধাৰ্য কৰে। SDRFৰ অধীনত খনন কাৰ্য সম্পন্ন কৰা হ’ব বুলি জানিব পৰা গৈছে ৷
- Log in to post comments
- 19 views