ৰাজ্যত তৃতীয়জন ক'ৰ'না আক্রান্তৰ মৃত্যু

Pic

ৰাজ্যত দ্ৰুত গতিত বৃদ্ধি পাইছে ক'ৰ'না আক্রান্তৰ ঘটনা।আক্ৰান্তৰ সংখ্যা ১০২ লৈ বৃদ্ধি পোৱাৰ সময়তে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত মৃত্যু হৈছে এগৰাকী ক'ৰ'না আক্রান্ত।গোবিন্দ্ৰ চন্দ্ৰ মালাকাৰ(৭১)  নামৰ কৰ্কট ৰোগত আক্রান্ত লোকজনৰ সোমবাৰে দিনৰ ১১.০৫বজাত মৃত্যু হয়।মুম্বাইৰ পৰা ঘূৰি অহাৰ পিছতে ক'ৰ'নাত আক্রান্ত হৈছিল লোকজন।ডিঙিৰ কৰ্কট ৰোগৰ চিকিত্‍সাৰ বাবে মুম্বাইলৈ গৈছিল।এই কথা সদৰি কৰিলে স্বাস্থ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।উল্লেখ যে ৰাজ্যত ক'ৰ'নাত মৃত্যু হোৱা লোকৰ সংখ্যা ৩ জনলৈ বৃদ্ধি পালে।

Your Comments